বীৰ শ্বহীদ পিয়লি ফুকন আৰু জিউৰাম দুলিয়া বৰুৱাৰ ১৯১সংখ্যক মৃত্যুতিথিত স্মৃতিচাৰণ অনুষ্ঠান
নিয়মীয়া বাৰ্তা , ২৪ ছেপ্টেম্বৰঃ- ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমীয়া বীৰ শ্বহীদ পিয়লি ফুকন আৰু বীৰ শ্বহীদ জিউৰাম দুলিয়া বৰুৱাৰ ১৯১ সংখ্যক মৃত্যুতিথি আজি মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত স্মৃতিচাৰণ সভা হিচাপে অনুষ্ঠিত কৰা হয়। সদৌ অসম আহোম সভাৰ সৌজন্যত আৰু তিনিচুকীয়া জিলা আহোম সভা আৰু মাৰ্ঘেৰিটা জিলা আহোম সভাৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰ লগতে দুপৰীয়া এখন মুকলি সভা অনুষ্ঠিত হয়। পুৱাই স্মৃতি তৰ্পণ, পতকা উত্তোলন, বন্তি প্ৰজ্বলন, কোৰাচ, তাই আহোম সকলৰ পৰম্পৰাগত নৃত্যৰ পাছতে মুকলি সভা অনুষ্ঠিত হয়। পুৱা ১০ বজাত সদৌ অসম আহোম সভাৰ সভাপতি চাও উমা কোঁৱৰে পতাকা উত্তোলন কৰে।
মাৰ্ঘেৰিটা জিলা আহোম সভাৰ সম্পাদক চাও উৎপল কোঁৱৰে সম্পূৰ্ণ অনুষ্ঠানৰ আঁত ধৰা মুকলি সভাত পৌৰোহিত্য কৰে চাও উমা কোঁৱৰে। নামৰূপ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক চাও জীতেন বৰপাত্ৰ গোহাঁই মুখ্য অতিথি হিচাপে উপস্থিত থকা সভাখনত চাও নাবিঙ নামচুম, চাও নিপিঙ লুংকিঙ, অৱসৰ প্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত, অৰুণাচল প্ৰদেশ, চাও চি এম মিলাই অৱসৰপ্ৰাপ্ত সঞ্চালক, ভাৰতীয় অনাতাঁৰ কেন্দ্ৰ, আহোম সভাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰও উপস্থিত থাকে অতিথি হিচাপে। এই মুকলি সভাতে ৫জন ব্যক্তিক মৰোণত্তৰ ভাৱে পৰিয়াল হাতত আহোম জনগোষ্ঠীৰ উত্তৰণৰ বাবে কাম কৰি স্বৰ্গগামী হোৱা ক্ৰমে ডামচাও ৰজনী গগৈ, ডামচাও গিৰিণ মহুংবৰুৱা, ডামচাও সুৰেণ ফুকন, ডামচাও নৰেন গগৈৰ পৰিয়ালৰ হাতত সম্বৰ্ধনা পত্ৰ প্ৰদান কৰাৰ লগতে জীৱিত অৱস্থাত থকা চাও গিৰিণ বুঢ়াগোহাঁই আৰু হৰনাথ বৰুৱাক উদ্যোগতা সকলে সম্বৰ্ধনা জ্ঞাপন কৰে। মুকলি সভাত কেইবাজনো বক্তাই অসমীয়া বীৰ শ্বহীদ পিয়লি ফুকন আৰু বীৰ শ্বহীদ জিউৰাম দুলিয়া বৰুৱাৰক শ্ৰদ্ধাৰে স্মৰণ কৰে।