বেদখলকাৰীক সকীয়নি মন্ত্রী পীয়ূষ হাজৰিকাৰ
নিয়মীয়া বাৰ্তা ২০ মেঃ ছিপাঝাৰৰ দক্ষিণ অঞ্চলৰ ব্রহ্মপুত্রৰ বিস্তীর্ণ চৰ–চাপৰি এলেকাত ক্রমাৎ জটিল ৰূপ লোৱাৰ পিছত এইবাৰ বেদখলকাৰীলৈ কঠোৰ সকীয়নি মন্ত্রী পীয়ূষ হাজৰিকাৰ৷ চৰকাৰী ভূমিৰ বেদখল উচ্ছেদৰ ক্ষেত্রত চৰকাৰ এইবাৰ পূর্বতকৈও অধিক কঠোৰ হ’ব৷ যিসকল লোকে চৰকাৰী ভূমি বেদখল কৰি আছে, সেইসকলক সময় থাকোঁতেই চৰকাৰী ভূমি এৰি দিবলৈ মুকলি আহ্বান জনায় মন্ত্রীগৰাকীয়ে৷
উল্লেখ্য যে ছিপাঝাৰৰৰ কুৰুৱাত নিজৰ বিভাগীয় কাম–কাজ পৰিদর্শন কৰিবলৈ আহি ফুহুৰাতলীৰ বেদখলী এলেকা প্রত্যক্ষ কৰি আগন্তুক দিনত কঠোৰৰ পৰা কঠোৰতম হোৱাৰ ইংগিত প্রদান কৰে৷ বিশেষকৈ এদেও–দুদেও লোটা নিয়াৰ ছেও কৰি ক্রমাৎ বেদখলকাৰীসকল আগ্রাসী হোৱা কথাটোত ক্ষুব্ধ হৈ পৰে মন্ত্রীগৰাকী৷
যিহেতু এই চৰকাৰে জাতি–মাটি আৰু ভেটিৰ কথা কৈছে, গতিকে বেদখলকাৰীক উচ্ছেদ কৰি মাটি আৰু ভেটি সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰ দৃঢ়প্রতিজ্ঞ বুলিও প্রকাশ কৰে৷ আনকি যিসকল লোকে চৰকাৰী, পিজিআৰ আৰু ভিজিআৰ ভূমি বেদখল কৰি আছে, এইসকল লোকক নিজাববীয়াকৈয়ে বেদখলী ভূমি খালী কৰিবলৈও মন্ত্রী পীয়ূষ হাজৰিকাই সকীয়নি প্রদান কৰে৷
উল্লেখ্য, ছিপাঝাৰৰ চৰ–চাপৰিৰ ভূমি বেদখলী সমস্যাটো দীর্ঘদিনীয়া৷ বিশেষকৈ কংগ্রেছ আৰু অসম গণ পৰিষদ চৰকাৰৰ আমোলত বেদখলকাৰীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবেই কেৱল ছিপাঝাৰ ৰাজহ চক্রৰেই বৃহত্তৰ চৰ–চাপৰি এলেকাৰ প্রায় সত্তৰ হাজাৰ বিঘা পিজিআৰ–ভিজিআৰ ভূমি আছে বেদখলকাৰীৰ কবলত৷
অৱশ্যে বিগত কার্যকালত ভাৰতীয় জনতা পার্টীৰ চৰকাৰে ছেগা–চোৰোকাকৈ উচ্ছেদ অভিযান চলাইছিল যদিও পৰিকল্পিত নোহোৱাৰ বাবেই বেদখলমুক্ত ভূমি পুনৰ পৰিল বেদখলকাৰীৰ কবলত৷ পিজিআৰ–ভিজিআৰ ভূমিত কোনো কাৰণতেই ঘৰ– দুৱাৰ নির্মাণ কৰিব নোৱাৰে বুলি খোদ উচ্চতম ন্যায়ালয়েই প্রকাশ কৰাৰ পিছতো কিন্তু উচ্ছেদৰ ক্ষেত্রত হোঁহোকা–পিছলা কৰি থাকে চৰকাৰ কিম্বা প্রশাসনে৷
লক্ষণীয় যে পিজিআৰ–ভিজিআৰ ভূমিত বেদখলকাৰীয়ে বাস কৰাৰ উপৰি খোদ চৰকাৰৰ পৃষ্ঠপোষকতাতেই স্থাপন হৈছে অংগনৱাড়ী কেন্দ্র, বিদ্যালয়, স্বাস্থ্য কেন্দ্র আদিও৷ এনেক্ষেত্রত সুপৰিকল্পিত আৰু পদ্ধতিগত উচ্ছেদ অভিযান চলোৱাৰ পোষকতা সকলোৱে কৰি আহিছে৷ তেনেক্ষেত্রত যুৱ মন্ত্রী পীয়ূষ হাজৰিকাই কালি দিয়া এই হুংকাৰক খিলঞ্জীয়া ৰাইজে আদৰণি জনাইছে যদিও বাস্তৱত কি হয়গৈ সেয়াহে লক্ষণীয় হ’ব৷