লাহৰীঘাটত সুলভ মূল্যৰ চাউলত ওলাল প্লাষ্টিক চাউল
নিয়মীয়া বাৰ্তা ২ জুলাইঃ মৰিগাঁও জিলাত কেইবাখনো সমবায় সমিতিৰ সুলভ মূল্যৰ চাউলত প্লাষ্টিকৰ চাউল উদ্ধাৰ হোৱা ঘটনাই সর্বসাধাৰণ লোকক আতংকিত কৰি তুলিছে৷ এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলী সমবায় সমিতিত৷ সমবায় সমিতিখনৰ অন্তর্গত মাহদলা গাঁৱৰ সুলভ মূল্যৰ দোকানী পৰেশ শইকীয়াৰ পৰা কিনি লৈ যোৱা চাউলত উদ্ধাৰ হৈছে প্লাষ্টিকৰ চাউল৷ একেখন গাঁৱৰে ৰমেশ দেওৰজাসহ কেইবাগৰাকী দৰিদ্র হিতাধিকাৰীয়ে লৈ যোৱা সুলভ মূল্যৰ চাউলত এনেদৰে উদ্ধাৰ হৈছে প্লাষ্টিকৰ চাউল৷
দুয়োবিধ চাউলৰ আচৰিত পার্থক্য দেখি হতভম্ব হৈ পৰা স্থানীয় গাঁওবুঢ়াগৰাকীয়ে সমবায়খনৰ সভাপতি দুর্লভ চন্দ্র নাথ আৰু সুলভ মূল্যৰ দোকানী পৰেশ শইকীয়াৰ সৈতে ঘটনা সন্দর্ভত যোগাযোগ কৰাত তেওঁলোকে বিষয়টোত সহযোগিতা কৰাৰ পৰা বিৰতহে থাকে৷