নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজনিশা আচামীৰ দাৰ ঘাপত আহত এএছআইসহ ৫ আৰক্ষী

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ দ্বীপ জিলা মাজুলীৰ গড়মূৰ আৰক্ষী থানাৰ অধীনৰ দেওদিয়াআটী গাঁৱত শুকুৰবাৰেনিশা প্রায় ১০ বজাত এগৰাকী আচামীয়ে কর্তব্যৰত উপ–পৰিদর্শকসহ প্রায় ৬গৰাকী আৰক্ষীক দাৰে ঘপিয়াই নৃশংসভাৱে আক্রমণ কৰা ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷

জানিব পৰা মতে, দেওদিয়াআটী গাঁও নিৱাসী অবিবাহিত কেশৱ হাজৰিকা ওৰফে বাবুল হাজৰিকাৰ  সৈতে গাঁৱৰে ওচৰ–চুবুৰীয়া কেইঘৰমান লোকৰ গৰুৱে ধান খোৱাক কেন্দ্র কৰি প্রথমে কাজিয়াৰ সূত্রপাত হয়৷ মূৰকত কাজিয়াই এক তিক্ত ৰূপ পোৱাত কেশৱ হাজৰিকা ওৰফে বাবুল হাজৰিকাৰ ওপৰত কিছুদিন আগেয়ে ওচৰ–চুবুৰীয়াই গডমূৰ আৰক্ষী থানাত ৪২/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰে৷ সেই গোচৰৰ ভিত্তিতেই আচামী কেশৱ হাজৰিকা ওৰফে বাবুলক আৰক্ষীয়ে থানাত হাজিৰ হ’বলৈ কোৱাৰ উপৰি কেইবাবাৰো তেওঁক বিচাৰি ঘৰলৈ গৈছিল যদিও কেশৱ হাজৰিকাক আৰক্ষীয়ে এবাৰো বিচাৰি পোৱা নাছিল৷

কিন্তু শুকুৰবাৰেনিশা এক খবৰৰ ভিত্তিত গডমূৰ আৰক্ষী থানাৰ উপ–পৰিদর্শক উৎপল দাস আৰু সহকাৰী উপ–পৰিদর্শক বিজু হাজৰিকাৰ নেতৃত্বত যোৱা এটা দলে অভিযুক্ত কেশৱ হাজৰিকা ওৰফে বাবুল হাজৰিকাক আটক কৰিবলৈ গৈছিল৷ কিন্তু নিজ ঘৰৰ দুৱাৰমুখতে ৰৈ থকা কেশৱ হাজৰিকাই দুৱাৰ খুলিয়েই আৰক্ষী দলটোক দাৰে অতর্কিতে আক্রমণ কৰে৷ আক্রমণত সহকাৰী উপ–পৰিদর্শক বিজু হাজৰিকা, কনিষ্টবল মৃদুল দাস, গৃহৰক্ষী জোৱান ৰূপক মিলি, ৰাজেন মেধি আৰু আৰক্ষী বেটেলিয়ন পাপু শইকীয়া আহত হয়৷

আক্রমণত উপ–পৰিদর্শক উৎপল দাসো কম–বেছি পৰিমাণে আহত হয়৷ আহত আৰক্ষীকেইজনক ততাতৈয়াকৈ গড়মূৰ পীতাম্বৰ দেৱগোস্বামী অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও ইয়াৰে হাত, বুকু আদিত গুৰুতৰভাৱে আঘাত পোৱা চাৰিজনক উন্নত চিকিৎসাৰ বাবে ডিব্রুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷

ঘটনা সংঘটিত কৰিয়েই আক্রমণকাৰী তথা আচামী কেশৱ হাজৰিকা ওৰফে বাবুল আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয়৷ ইয়াৰ পাছতে উক্ত আক্রমণত সহযোগ কৰাৰ অপৰাধত আৰক্ষীয়ে কেশৱ হাজৰিকাৰ ঘৰৰ লগতে ওচৰৰ ৫জন লোকক আটক কৰি নিশাই লৈ আহি বর্তমান জেৰা অব্যাহত ৰাখিছে৷ আটক কৰা লোককেইজনৰ ভিতৰত এগৰাকী লোক ভাৰতীয় সেনাবাহিনীত কর্মৰত বুলি জানিব পৰা গৈছে৷

ইফালে নিশাৰে পৰা উপ–আৰক্ষী অধীক্ষক শান্তনু দত্তৰ নেতৃত্বত এটা আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ দলে আক্রমণকাৰী কেশৱ হাজৰিকাক বিচাৰি অভিযান চলাই পুৱাৰ ভাগতে মাজুলী আৰক্ষী থানাৰ অন্তর্গত ধোঁৱাচলাৰ পৰা গেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ জেৰাত কেশৱ হাজৰিকাই আক্রমণৰ কথা স্বীকাৰ কৰাৰ লগতে দাখন পানীত পেলাই দিয়া বুলি আৰক্ষীক অৱগত কৰে৷ গ্রেপ্তাৰ কৰি প্রথমে মাজুলী আৰক্ষী থানাত ৰখা কেশৱ হাজৰিকাক গড়মূৰ থানাত হাজিৰ কৰাৰ পাছতেই স্বাস্থ্য পৰীক্ষাৰ অন্তত আইনী প্রক্রিয়াৰে জে’ললৈ প্রেৰণ কৰা হ’ব বুলি আৰক্ষী সূত্রই জানিবলৈ দিয়ে৷

You might also like