নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত নতুন প্ৰজাতিৰ পাচলি বুলি মিছা মাতি কৰিছিল আফিঙৰ খেতি, আৰক্ষীয়ে গম পাই ল’লে ব্যৱস্থা

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ চিৰাঙৰ বাসুগাঁও থানাৰ অন্তৰ্গত তিলকগাঁও – চৰাইখোছৰা গাঁৱৰ চম্পাৱতী নৈৰ পাৰত সন্দেহজনক লোকে বৃহৎ অঞ্চলজুৰি কৰা নিষিদ্ধ আফিং খেতি আজি চিৰাং জিলা প্ৰশাসনে ধ্বংস কৰে।

আফিং খেতি কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছত অতি ক্ষিপ্ৰতাৰে চিৰাং আৰক্ষীৰ অতিৰিক্ত অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত তথা কাৰ্যবাহী দণ্ডাধীশ কুশল কলিতাৰ উপস্থিতিত আজি দুপৰীয়াৰ ভাগত বিশাল পুলিচ বাহিনীয়ে আফিং খেতিডৰাত অভিযান চলাই খেতিডৰা ধ্বংস কৰে।

অভিযানৰ পূৰ্বে অভিযানকাৰী আৰক্ষীৰ দলৰ উপস্থিতিৰ উমান পাই নিষিদ্ধ আফিং খেতি কৰা লোকসকলে পলায়ন কৰি আত্মগোপন কৰিবলৈ সক্ষম হয়। অভিযানকাৰী আৰক্ষীৰ দলে নিষিদ্ধ আফিং খেতিডৰাৰ ওপৰত ট্ৰেক্টৰ চলাই সম্পূৰ্ণ ৰূপে বিনষ্ট  কৰে।

স্থানীয় লোকৰ বাবে অচিনাকি এই আফিং গছক নতুন প্ৰজাতিৰ পাচলি বুলি মিছাকৈ পতিয়ন নি স্থানীয় লোকৰ চকুত ধূলি দি চিৰাঙৰ এই জনবসতিৰ পৰা আঁতৰত থকা চম্পাৱতী নৈৰ বালিচাপৰিত কিছু সন্দেহজনক লোকে এই  খেতি কৰিছিল বুলি প্ৰাথমিক অনুসন্ধানত ওলাই পৰিছে।

আফিং খেতি কৰা মাটিডৰাৰ প্ৰকৃত মালিকক চিনাক্ত কৰিব পৰা নাই যদিও আৰক্ষী প্ৰশাসনে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।।

You might also like