নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ জনসভাত ৰাহুল গান্ধীঃ ডিঙিত আঁৰি ল’লে কা বিৰোধী গামোচা

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমত পদাৰ্পণ কৰিলে ৰাহুল গান্ধীয়ে। আজি অসমত উপস্থিত হৈ কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধীয়ে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত কংগ্ৰেছ কৰ্মীৰ এখন বিশাল জনসভাত ভাগ লয়।

বিজেপিক সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয় যে কা বিৰোধী স্থিতিত কংগ্ৰেছ অটল আছে, ইয়াকে লৈ ৰাইজৰ মাজত কোনো দ্বিধাৰ কাৰণ নাই। ৰাহুল গান্ধীয়ে ডিঙিত আঁৰি লয় কা বিৰোধিতাৰে শ্লোগান লিখা গামোচা।

গান্ধীয়ে লগতে মোদী চৰকাৰে কেৱল বণিয়াৰ কথা চিন্তা কৰে বুলি উল্লেখ কৰে। তেওঁ লগতে কংগ্ৰেছ কৰ্মীৰ প্ৰতি নিজ দায়িত্বৰ কথা সোঁৱৰাই উল্লেখ কৰে যে এয়া সংকটৰ সময়, দৃঢ়তাৰে সকলো কাম কৰিব লাগিব। এনে বহু সংকট পাৰ হৈ গৈছে।

বাজেটৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে এইবাৰৰ বাজেটত কৃষকৰ বাবে বিশেষ একো নাই, ই অতি লজ্জাজনক বিষয়। অসমৰ মুখ্যমন্ত্ৰীকো কঠোৰ সমালোচনা কৰি ৰাহুল গান্ধীয়ে কটাক্ষ কৰি কয় যে ৰিম’ট কণ্ট্ৰ’লেৰে টিভি চলাব পাৰি, কিন্তু অসমৰ দৰে এখন ৰাজ্য ৰিম’ট কণ্ট্ৰ’লেৰে  চলিবলৈ দিব নালাগে।

You might also like