স্পৰ্শকাতৰ ভোটকেন্দ্ৰ এলেকাত ঢকুৱাখনা আৰক্ষীৰ যুটীয়া ফ্লেগ মাৰ্চ
নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ ৰাজ্যৰ অন্যান্য সমষ্টিৰ দৰে ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিতো প্ৰশাসনে ভোট গ্ৰহণ কৰিব লগা কেন্দ্ৰবোৰত যাৱতীয় সকলো ব্যৱস্থাৰ লগতে নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তুলিছে।
ইফালে ঢকুৱাখনা সমষ্টিৰ স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰ এলেকাত যোৱা কেইটামান দিনত কেইবাটাও অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাত ঢকুৱাখনাৰ আৰক্ষীৰ লগতে নিৰ্বাচনৰ বাবে বিশেষভাৱে মোতায়েন কৰা সেনাও সষ্টম হৈ আছে।
আজি ঢকুৱাখনা থানাৰ আৰক্ষী পৰিদৰ্শক ৰাজীৱ বৰুৱাৰ নেতৃত্বত ঢকুৱাখনাৰ আৰক্ষী আৰু সেনাই থানাখনৰ অন্তৰ্গত অতি স্পৰ্শকাতৰ আৰু স্পৰ্শকাতৰ ভোটকেন্দ্ৰৰ এলেকাবোৰত এক ফ্লেগ মাৰ্চ কাৰ্যসূচী ৰূপায়ণ কৰে।