নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাতিমহীয়া নেৰানেপেৰা বৰষুণত বাসুগাঁও চহৰৰ বাট-পথ জলমগ্ন

নিয়মীয়া বাৰ্তা ২০অক্টোবৰ : কালি আবেলিৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত বাসুগাঁও চহৰৰ বাট-পথ জলমগ্ন হৈ পৰিছে । চহৰ খনৰ বিশেষকৈ থানাৰ সন্মুখ, ৰেলগেটৰ দক্ষিণপাৰ, গুৰুকূল স্কুলৰ ভিতৰৰ পথ আদি বৰষুণৰ পানীৰে উপচি পৰিছে । উল্লেখ্য যে বাসুগাঁও চহৰৰ মাজমজিয়াৰে অভাৰব্ৰীজ নিৰ্মাণৰ কাম চলি থকাত চহৰখনৰ প্ৰায় প্ৰতিটো পথ জৰাজীৰ্ণ হৈ পৰিছে । এজাক বৰষুণতে যিদৰে বোকা-পানীৰে ভৰি পৰে, একেদৰে দুদিন ৰ’দ দিলেই ধুলি-বালিৰে একাকাৰ হৈ পৰে ।

বিশেষকৈ দীৰ্ঘদিন মেৰামতিৰ অভাৱত বাসুগাঁও থানাৰ সন্মুখভাগ, ৰে’ল গেটৰ দক্ষিণ ফালে আৰু বাসুগাঁও গুৰুকূল স্কুলৰ ভিতৰৰ পথছোৱা পানীৰে উপচি পৰিছে । ফলত ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আদি সকলো বিপাঙত পৰা পৰিলক্ষিত হৈছে । ইফালে বাসুগাঁৱৰ পৰা কোকৰাঝাৰলৈ যোৱা পথছোৱা ছালাকাটিলৈ দীৰ্ঘদিন মেৰামতিৰ অভাৱত চৰম জৰাজীৰ্ণ হৈ পৰিছে । এতিয়া দুদিনকৈ হোৱা বৰষুণৰ ফলত বোকা-পানী একাকাৰ হৈ যান-বাহন দূৰৰ কথা খোজ কাঢ়িও অহা- যোৱা কৰাটো অসম্ভৱ হৈ পৰিছে । পথৰ মাজতে ঠায়ে ঠায়ে একাঠু পৰ্য্যন্ত পানী জমা হৈছে । আজি ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীপূজা যদিও কালিৰে পৰা নেৰানেপেৰা বৰষুণৰ বাবে ভক্তৰ আনন্দৰ উলাহ যটি   পৰা পৰিলক্ষিত হৈছে ।

You might also like