নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিকক অপদস্থ : নগাঁৱত সাংবাদিকৰ অৱস্থান ধৰ্মঘট

বিশেষ বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ নগাঁৱৰ ডাকৰঘাট গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যাৰ স্বামী ত্ৰৈলোক্য ভূঞাই বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক অপদস্থ কৰাৰ লগতে কেমেৰা ভাঙিবলৈ চেষ্টা কৰা আৰু অভিযুক্তক আৰক্ষীয়ে আটক কৰি মুকলি কৰি দিয়াৰ প্ৰতিবাদত আজি নগাঁও ইলেকট্ৰনিক মিডিয়া এচ’ছিয়েশ্বনৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। আজি বিয়লি ৪ বজাৰ পৰা সাংবাদিকসকলে নগাঁও সদৰ থানাৰ চৌহদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। ডাকৰঘাট গাঁও পঞ্চায়তৰ এক আঁচনি ৰূপায়নৰ নামত আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ স্বামী ত্ৰৈলোক্য ভূঞাই কৰা দূৰ্নীতি আৰু অনিয়মৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা জেষ্ঠ সাংবাদিক বীৰেন বৰাক অপদস্থ কৰে। এই সম্পৰ্কত বীৰেন বৰাই কালি নগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত ত্ৰৈলোক্য ভূঞাক আটক কৰে যদিও এজাহাৰকাৰীৰ অজ্ঞাতেই অভিযুক্তক মুকলি কৰি দিয়ে। ইয়াতে ক্ষুন্ন হৈ নগাঁও ইলেকট্ৰনিক মিডিয়া এচ’ছিয়েচনৰ সদস্য সকলে বিয়লি ৪-১৫ বজাৰ পৰা ৫-১৫বজালৈ থানাতে অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে, জানিব পৰা মতে, অভিযুক্ত ত্ৰৈলোক্য ভূঞাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক এক লিখিত প্ৰতিশ্ৰুতি পত্ৰ প্ৰদান কৰিছে।ভূঞাৰ স্বাক্ষৰ সম্বলিত এই প্ৰতিশ্ৰুতি পত্ৰখনত তেওঁ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ কথা স্বীকাৰ কৰি তাৰ বাবে অনুশোচনা কৰা আৰু ভৱিষ্যতে আৰু তেনেকুৱা কেতিয়াও নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে। নগাঁও জিলা বাৰ্তাজীৱী সংঘ আৰু আপকুৰ নগাঁও জিলা সমিতিয়ে নগাঁৱত সাংবাদিকক অপদস্থ কৰা ঘটনাৰ গৰিহনা দিয়াৰ লগতে এই ঘটনাৰ লগত জৰিত সকলক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে।

 

প্ৰেৰক কনক হাজৰিকা

You might also like