মাৰ্ঘেৰিটাৰ ‘পাৱাৰ ইণ্ডিয়া’ ছীল, প্ৰশাসনে আজি অভিযান চলাই ছীল কৰি দিয়ে প্ৰতিষ্ঠানটো
নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ মাৰ্ঘেৰিটাৰ “পাৱাৰ ইণ্ডিয়া” নামৰ খোৱাপানী প্ৰস্তত কৰা প্ৰকল্পৰ বিৰুদ্ধে প্ৰশাসনে আজি অভিযান চলায়। প্ৰতিষ্ঠানটোৰ মাৰ্ঘেৰিটা চেগুনবাৰীস্থ বিক্ৰীকেন্দ্ৰ তথা প্ৰকল্প স্থলীত মাৰ্ঘেৰিটা মহকুমাৰ কাৰ্যকাৰী দণ্ডাধীশ মাধুৰ্য্য বুঢ়াগোহাঁইৰ নেতৃত্বত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এটা বিষয়াৰ দল উপস্থিত হৈ প্ৰকল্পটোৰ সকলো নথিপত্ৰ পৰীক্ষা কৰে আৰু প্ৰস্তত কৰা পানী সংগ্ৰহ কৰে।
মাৰ্ঘেৰিটাৰ এগৰাকী কৰ্কট ৰোগীক চিকিৎসকে ৰোগীগৰাকীৰ অস্ত্ৰোপচাৰৰ পাছত ড্ৰিংকিং ৱাটাৰ খাবলৈ পৰামৰ্শ দিছিল আৰু সেই মৰ্মে কিছুদিনৰ পৰা মাৰ্ঘেৰিটা চেগুনবাৰীৰ তিনিআলিস্থিত “পাৱাৰ ইণ্ডিয়া” নামৰ বিশুদ্ধ খোৱাপানী প্ৰস্তুত কৰি বিক্ৰী কৰা প্ৰতিষ্ঠানটোৰ পৰা খোৱাপানী ক্ৰয় কৰি খাই আহিছিল।
কিন্তু খোৱাপানীত বিষাক্ত শেলুৱৈ-গেদযুক্ত পানী প্ৰত্যক্ষ হোৱাত মাৰ্ঘেৰিটা আৰক্ষী থানাত এটা গোচৰো ৰুজু কৰে। এই সম্পৰ্কে প্ৰায় একাংশ সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাত আজি প্ৰশাসনৰ তৰফৰ পৰা অভিযান চলায়। অভিযানকাৰী দলটোৱে তদন্ত চলি থকালৈকে প্ৰতিষ্ঠানটো ছীল কৰি দিছে।