নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বিজেপিয়ে থাইলেণ্ড মাগুৰৰ দৰে সৰু দলক গিলি ডাঙৰ হৈছে’ ঃ প্ৰদ্যুৎ বৰদলৈ

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰঃ ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা তিৱা স্বায়ত্তশাসিত পৰিষদৰ তৃতীয় সাধাৰণ নিৰ্বাচনক লৈ শাসকীয় বিজেপি দলে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান। প্ৰধানকৈ আগন্তুক ২০২১ চনত হ’ব লগা বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত  ছেমিফাইনেল সদৃশ তিৱা স্বায়ত্তশাসিত পৰিষদৰ এই সাধাৰণ নিৰ্বাচনত মুঠ ৩৬ টা পৰিষদীয় সমষ্টিকে দখল কৰা উদ্দেশ্যে বিজেপিৰ লগতে সমষ্টিয়ে সমষ্টিয়ে প্ৰচাৰ চলাইছে কংগ্ৰেছ দলেও।

ইয়াৰ ভিতৰত পৰিষদৰ অন্যতম সমষ্টি ৰূপে চিহ্নিত ২৪ নং জোঙালবলহু সমষ্টিত কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুকুট কোঁৱৰে। ইয়াকে লৈ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে জোঙালবলহু সমষ্টিৰ ছাউবৰিত এক প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে।

উক্ত সভাত কংগ্ৰেছ দলেই নিশ্চিতভাৱে পৰিষদ দখল কৰিব বুলি দাবী কৰে তেওঁ। নিৰ্বাচনী সভাত ভাষণ দি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি দলক সমালোচনা কৰি কয়-  ‘বিজেপি দলটো এতিয়া থাইলেণ্ড মাগুৰৰ দৰে হৈছে,  আমাৰ পুখুৰীৰ অনিষ্টকাৰী মাগুৰৰ দৰে থাইলেণ্ড মাগুৰে খাই নিজে নোদোকা হয়, সেইদৰে বি জে পি দলেও সৰু সৰু দলবোৰক গিলি নিজে শক্তিশালী হৈছে, কিন্তু আনক নিঃশেষ  কৰিব লাগিছে।’

অগপৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছী নেতা বুবুল দাসৰ লগতে অনুপানন্দ বৰুৰা , প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাস, শশী দাস, মুকুট দাস, জনাৰ্দন শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে। আনহাতে ২০ নং বাৰপূজীয়া সমষ্টিৰ প্ৰাৰ্থী অচ্যুত গাঁওখোৱাৰ হৈ  সভাপতি ৰিপুণ বৰাৰ লগতে প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলাম, প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাও  অন্য এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।

ইয়াৰ লগতে শিল্পী বাবু বৰুৱা , অজয় ফুকন, নেকিব আহমেদ আদিয়ে অংশ লৈ গীত-মাতেৰে ভোটাৰক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে।

You might also like