লিডুৰ কয়লাখনিত নিৰুদিষ্ট হোৱা প্ৰাঞ্জন মৰাণৰ মৃতদেহ উদ্ধাৰ
- স্বামীৰ উৱলি যোৱা মৃতদেহ দেখি কান্দোনত ভাগি পৰিল পত্নী উৰ্বশী মৰাণ
নিয়মীয়া বাৰ্তা,৭ এপ্ৰিল : সম্পূৰ্ণ তিনি মাহৰ ধাৰাবাহিক অভিযানৰ পিছত অৱশেষত উদ্ধাৰ হল কয়লা খনন কৰিবলৈ গৈ নিৰূদিষ্ট হোৱা প্ৰাঞ্জল মৰাণৰ অৱশেষ । উত্তৰ পূব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটাৰ অন্তৰ্গত লিডু টিৰাপ কয়লা খনিত তিনিবছৰে উৎপাদন বন্ধ হৈ থকা কয়লা উৎপাদন স্থলীত অবৈধ ভাৱে কয়লা খনন কৰিবলৈ গৈ যোৱা ১২ জানুুুৱাৰী তাৰিখে নিৰূদিষ্ট হৈছিল মাকুমৰ যুৱক প্ৰাঞ্জল মৰাণ । মাঘৰ বিহুত ঘৰলৈ আহিম বুলি কোৱা প্ৰাঞ্জলৰ আকস্মিক ভাৱে পত্নীৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰাত পত্নী উৰ্বশী মৰানে স্বামীৰ সন্ধানত লিডুলৈ আহে ।অঞ্চলটিৰ বিভিন্ন স্থানত সন্ধান চলোৱাৰ পাছতো স্বামীৰ কোনো সম্ভেদ নোপোৱাত দূৰ্ভগীয়া পত্নী গৰাকী লিডু আৰক্ষী চকীৰ দ্বাৰস্থ হয়।অৱশ্যে দূৰ্গম অঞ্চল আৰু প্ৰতিকূল বতৰৰ বাবে প্ৰাঞ্জল মৰাণৰ উদ্ধাৰ কাৰ্য্য লেহেমীয়া গতিত চলাত উৰ্বশী মৰাণে স্বামীৰ খৰতকীয়া উদ্ধাৰৰ আশাত আৰক্ষী সঞ্চালক প্ৰধানৰ কাষ চাপে । অৱশেষত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিংৰ প্ৰত্যক্ষ নিদেৰ্শত আৰক্ষীয়ে অতি বিপদসংকুল পথেৰে যুদ্ধং দেহি মনোভাৱেৰে অভিযান চলাই এক বৃহৎ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে টিৰাপ কয়লা খনিত কয়লা বুটলিবলৈ গৈ মৃত্যুক আকোৱালি লোৱা প্ৰাঞ্জলৰ মৃতদেহ আৰক্ষীৰ দৃষ্টিৰ পৰা আতৰাই ৰাখিবৰ বাবে লিডূ চাহ বাগিছাৰ ৬নং লাইনৰ জনৈক কয়লা ব্যৱসায়ী কমল ছাই কুজূৰৰ নিৰ্দেশ মৰ্মে একে অঞ্চলতে বসবাস কৰা যুৱকত্ৰয় যথাক্ৰমে সঞ্জয় মূৰা ,গোপীনাথ গগৈ আৰু কৃষ্ণ তাছাই ৫০ হাজাৰ টকাৰ বিনিময়ত এক গোপন স্থানত প্ৰাঞ্জলৰ মৃতদেহ পুতি ৰাখে ।যোৱা দুদিন পূৰ্বে এক বিশেষ সূত্ৰৰ পম খেদি লিডু মাৰ্ঘেৰিটা আৰক্ষীয়ে উল্লেখিত তিনিও যুৱকক কৰায়ত্ব কৰাত তেওঁলোকৰ ভাষ্যৰ ভিত্তিত আজি টিৰাপ কলিয়ৰীৰ এটা পৰিত্যক্ত কয়লাখনিৰ পৰা যিটো ঠাইত প্ৰাঞ্জলৰ মৃতদেহ থকা বূলি সন্দেহ কৰা হৈছিল উক্ত স্থানত ক’ল ইণ্ডিয়াৰ বিষয়াৰ সৈতে আই জি পি জিৎ মল দলে উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
প্ৰতিকুল বতৰৰ মাজতো অতি বিপদসংকূল ভাৱে চলিছিল এই অভিযান ৷ ইফালে উক্ত কয়লা খনিত অবৈধভাৱে কয়লা খননত জড়িত আৰু মৃতদেহ পুতি ৰখা কাৰ্যত জড়িত ১৭ জনকৈ চোৰাং কয়লা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে সংবাদমাধ্যমক জানিবলৈ দিয়ে। অন্যহাতে আজি লিডু আৰক্ষী চকীত প্ৰাঞ্জলৰ পত্নী উপস্থিত হোৱাৰ পাছতে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় । স্বামীৰ মৃতদেহ চিনাক্ত কৰি কান্দোনত ভাঙি পৰে উৰ্বশী মৰাণ ।
প্ৰনিধানযোগ্য যে আৰক্ষীয়ে ঘটনাৰে সম্পৰ্কিত আটাইবোৰকে গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰাৰ বিপৰীতে গোচৰীয়া পক্ষই এজাহাৰত উল্লেখিত বি গণেশকে ধৰি আটাইকে গ্ৰেপ্তাৰ নাই কৰা বুলি অভিযোগ কৰিছে। উপযুক্ত ক্ষতিপূৰণ ,চৰকাৰী সংস্থাপন আৰু এজাহাৰত উল্লেখিত আটাইকে গ্ৰেপ্তাৰ নকৰালৈকে আন্দোলন অব্যাহত থাকিব বুলি মতপ্ৰকাশ কৰিছে প্ৰাঞ্জলৰ পৰিয়ালৰ লোকে ।
হেমন্ত গগৈ ,লিডু ।