নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায়াত হাস্পতালত প্ৰাক ভোগালী বিহু উদযাপন

বিশেষ বাৰ্তা, ১২ জানুৱাৰী : ব্যক্তিগত খণ্ডৰ চিকিৎসালয় হায়াত হাস্পতাল গুৱাহাটীয়ে এইবাৰৰ প্ৰাক ভোগালী বিহু উদযাপন কৰে হয় হাস্পতালৰ চৌহদত। আজি আয়োজিত এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, সাংবাদিক নিতুমণি শইকীয়া, কবি তথা বোলছবি পৰিচালক নাট্যকাৰ হিমাংশুপ্ৰসাদ দাস আৰু সংগীত শিল্পী অৰূপজ্যোতি বৰুৱা। হাস্পতালৰ চিকিৎসক, নাৰ্চ, স্বাস্থ্য কৰ্মী, কৰ্তৃপক্ষ, হায়াত হাস্পতালৰ চুবুৰীয়া কমিটীৰ সন্মানীয় সদস্যৰ উপস্থিতিত আয়োজিত এই প্ৰাক ভোগালী বিহুত আৰক্ষী আয়ুক্ত আই পি এছ বিষয়া দিগন্ত বৰাই ভাষণ আগবঢ়ায়। সংগীত শিল্পী অৰূপজ্যোতি বৰুৱাৰ সংগীতে এক সুকীয়া পৰিৱেশ সৃষ্টি কৰাৰ লগতে হিমাংশু প্ৰসাদ দাসৰ কবিতা-ভাষণ আৰু সাংবাদিক নিতুমণি শইকীয়ায়ো ভাষণ দিয়ে। অনুষ্ঠানতে সাংবাদিকসকলক ফুলাম গামোচাৰ সম্বৰ্ধনা জনোৱা হয়। এই প্ৰাক ভোগালী বিহুৱে হাস্পতালৰ কৰ্মী তথা ৰোগীৰ অভিভাৱকৰ মনত এক ধনাত্মক প্ৰভাৱ পেলাব বুলি হাস্পতাল কৰ্তৃপক্ষই আশা প্ৰকাশ কৰে। আগন্তুক দিনতো সমাজৰ সকলো লোকৰ লগত থাকি একেলগে কাম কৰি যোৱা আৰু চিকিৎসা খণ্ডত আকৌ অধিক অৰিহণা যোগাবলৈ কাম কৰাৰ পৰিকল্পনা আছে বুলিও কৰ্তৃপক্ষই জনায়।

You might also like