নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গর্ভৱতীক কেৰাচিন ঢ়ালি জ্বলাই হত্যাঃ নলবাৰীত স্বামী শাহুৱেকক যাৱজ্জীৱন জে’ল

নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ নলবাৰীৰ জিলা আৰু সত্র ন্যায়াধীশ শর্মিলা ভূঞাৰ আদালতে আজি চাঞ্চল্যকৰ গর্ভৱতী মহিলা হত্যাকাণ্ডত অভিযুক্ত স্বামী আৰু শাহুক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে৷ ঘটনাৰ ৮ বছৰ পাছত আদালতৰ এনে ৰায়দানত সন্তুষ্টি প্রকাশ কৰিছে মহিলাগৰাকীৰ মাতৃ পৰিয়ালে৷ উল্লেখ্য যে নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তর্গত চতেমাৰী গাঁৱৰ নৱবিবাহিত মহিলা আৰতি তালুকদাৰক স্বামী পৰিয়ালে আতিশয্য চলাই বিগত ২০১৩ চনৰ ২২ জানুৱাৰীৰ নিশা শৰীৰত কেৰাচিন ঢ়ালি জ্বলাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল৷ পাছত অগ্ণিদগ্ধ বোৱাৰীগৰাকীক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে দহ দিন পাছত অর্থাৎ ৩১ জানুৱাৰীত মৃত্যুক সাবটি লয়৷ এই চাঞ্চল্যকৰ ঘটনাৰ পাছতেই উত্তেজিত জনতাই অভিযুক্ত পৰিয়ালৰ ঘৰ–দুৱাৰ লণ্ডভণ্ড কৰিছিল৷

বোৱাৰীগৰাকীৰ ভাতৃ চম্পক বৰাই ২৩ জানুৱাৰীত স্থানীয় মুকালমুৱা থানাত ঘটনা সন্দর্ভত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত চলাই অভিযুক্ত স্বামী ধনজিৎ তালুকদাৰ, শাহু অনিলা তালুকদাৰ আৰু শহুৰ গন্ধ তালুকদাৰক গ্রেপ্তাৰ কৰে৷ অন্যতম অভিযুক্ত শহুৰ গন্ধ তালুকদাৰৰ মৃত্যু ঘটে৷ পৰৱর্তী সময়ত আৰক্ষীয়ে গোচৰটোৰ চূডান্ত প্রতিবেদন নলবাৰী আদালতলৈ প্রেৰণ কৰে৷ আদালতত ৫৪/১৪ নম্বৰত গোচৰটো পঞ্জীয়ন কৰা হয়৷ সেইমর্মে আদালতত দীর্ঘদিন ধৰি বিচাৰ প্রক্রিয়া চলাৰ অন্তত আজি আদালতে চূডান্ত ৰায়দান কৰে৷ ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত অভিযুক্তক দোষী সাব্যস্ত কৰি বোৱাৰীগৰাকীৰ স্বামী ধনজিৎ তালুকদাৰ আৰু শাহু অনিলা তালুকদাৰক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ২৫ হাজাৰ টকাৰ জৰিমনা বিহে৷ আনহাতে, জৰিমনা অনাদায়ে অতিৰিক্ত ছমাহৰ সশ্রম কাৰাদণ্ড বিহে আদালতে৷ আদালতত পদকীয়াৰ হৈ অধিবক্তা জয়ন্ত কলিতাই যুক্তি দর্শোৱাৰ বিপৰীতে গুচৰীয়াৰ হৈ ধীৰেন্দ্র নাথ বর্মনে যুক্তি প্রদর্শন কৰে৷

You might also like