নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহা সমষ্টিত লাভ কৰিব নব্বৈ হাজাৰ ভোট, সংবাদমেলত কংগ্ৰেছ প্ৰাৰ্থী শশীকান্ত দাস

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ “আগন্তুক নিৰ্বাচনত মহাজোঁটৰ সমৰ্থিত তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী শশীকান্ত দাসে নব্বৈ হাজাৰ ভোট লাভ কৰি ৰহা সমষ্টিত জয়লাভ কৰিব।” -সংবাদমেলত এইদৰে দাবী কৰে ৰহা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী শশীকান্ত দাসে।

আজি ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্যালয়ত আয়োজিত ৰহা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শশীকান্ত দাসে আহ্বান জনোৱা এক সংবাদ মেলত উপস্থিত থাকি প্ৰাৰ্থীগৰাকীয়ে কয় যে ৰাজ্যৰ বিভিন্ন সমষ্টিত মহাজোঁট বন্ধনে প্ৰদান কৰা সমষ্টিসমূহৰ দৰে ৮২ নং ৰহা বিধান সভা সমষ্টিতো কংগ্ৰেছ দলে জয়লাভ কৰাটো প্ৰায় নিশ্চিত বুলি মন্তব্য কৰে।

তেওঁ কয় যে বিগত ২০১৯চনৰ লোকসভা নিৰ্বাচনত ৰহা সমষ্টিত কংগ্ৰেছ-এআইইউডিএফৰ যৌথ দলে বিজেপি-অগপক পাছত ৰাখি ১৬৪০ টা ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছিল। কিন্তু বৰ্তমান সময়ত বিজেপি দলে ৰহা সমষ্টিটো অগপ দলক এৰি দিয়াৰ লগে লগে উক্ত ব্যৱধান আৰু বৃদ্ধি পালে বুলি মন্তব্য কৰে।

আনহাতে সংবাদমেলত কংগ্ৰেছ দলৰ পৰা দলীয় টিকটৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাসে কংগ্ৰেছ দলক কোনো ক্ষতি নকৰে বুলিও মন্তব্য কৰে।

সংবাদমেলখনত ৰহা সমষ্টিৰ  মুঠ ভোটদান ভোটাৰৰ ভিতৰত নব্বৈ হাজাৰ ভোট মহাজোঁট বন্ধনে লাভ কৰিব বুলি উল্লেখ কৰে।

You might also like