নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ৰাজীৱ ভৱনত এআইচিচিৰ সাধাৰণ সম্পাদক পৃথ্বীৰাজ সাথেৰ সংবাদমেল

  • বহুজাতিক কোম্পানী আদানী আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তীব্ৰ সমালোচনা

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল: আজি ধুবুৰী ৰাজীৱ ভৱনত আয়োজিত এক দলীয় বৈঠকত অংশ লয় নিখিল ভাৰত কংগ্ৰেছ কমিটি (এআইচিচি)ৰ সাধাৰণ সম্পাদক পৃথ্বীৰাজ সাথেই। মূলতঃ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ বিষয়টোক কেন্দ্ৰ কৰি অনুষ্ঠিত হোৱা সেই বৈঠকখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি (এপিচিচি)ৰ উপ-সভাপতি তথা দক্ষিণ শালমাৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, প্ৰাক্তণ মন্ত্ৰী তথা বৰ্ষীয়ান কংগ্ৰেছ নেতা নজিবল উমৰ, দলটোৰ ধুবুৰী জিলা সভাপতি আৱেদুৰ জামান, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগমকে ধৰি অন্যান্য বিষয়-ববীয়া আৰু তৃনমূল পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীসকল উপস্থিত আছিল। বৈঠকখনৰ পূৰ্বে অনুষ্ঠিত হোৱা এখন সংবাদমেল এখনত আজিৰ সেই বৈঠকখনৰ উদ্দ্যেশ্য ব্যাখ্যা কৰে এইচিচিৰ সাধাৰণ সম্পাদক সাথেই। সংবাদমেলখনত সংসদত ৰাহুল গান্ধীৰ এটা সাম্প্ৰতিক এটা ভাষণৰ উদ্ধৃতি দি ব্যৱসায়িক গোষ্ঠী আদানী গ্ৰুপ অৱ কোম্পানিজ বিৰূদ্ধে সৰৱ হৈ উঠে তেওঁ। তেওঁ কয় যে, “সম্প্ৰতি ৰাহুলজীয়ে সংসদত যি এক ভাষণ প্ৰদান কৰিছিল – যিটো ভাষণত তেওঁ আদানী গ্ৰুপ অৱ কোম্পানিজৰ বিৰূদ্ধে কেতবোৰ চোকা প্ৰশ্ন উত্থাপন কৰিছিল। আনকি প্ৰৱঞ্চনা আৰু দুৰ্নীতিৰ অভিযোগ উঠা সেই কোম্পানিত শ্বেল কোম্পানীৰ জৰিয়তে ২০ হাজাৰ কোটি টকাৰ বিনিয়োগ কৰা হৈছিল – সেই বিনিয়োগ কাৰ এই প্ৰশ্ন ৰাহুলজীয়ে কৰিছিল।” গুজৰাটৰ আদালতৰ ৰায়দানৰ বাবে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা হোৱাৰ প্ৰসংগটো উল্লেখ কৰি পৃথ্বীরাজ সাথেই আৰু কয় যে, “সাংসদত ৰাহুলজীয়ে নিজৰ পৰৱৰ্তী ভাষণত আৰু কেইবাটাও প্ৰশ্ন উত্থাপিত কৰিলহেঁতেন – যে ভাই, গৌতম আদানীৰ জ্যেষ্ঠ ভাতৃ বিনোদ আদানী। তেখেতৰ গোদামী নামৰ এটা কোম্পানী আছে – তাত বৃহৎ পৰিমাণে এগৰাকী চীনৰ বিনিয়োগকাৰী আছে, নাম চু-চাং লিঙ, এই ব্যক্তিগৰাকী কোন? তেওঁৰ সেই কোম্পানীটোত কি ধৰণৰ বিনিয়োগ আছে? চীনৰ বিনিয়োগকাৰী থকা সেই কোম্পানীটোক ভাৰত চৰকাৰৰ পৰা ভাৰতৰ ঠিকা কিয় দিয়া হৈছে?” আজিৰ সেই সংবাদমেলখনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰূদ্ধে সৰৱ হৈ উঠে পৃথ্বীৰাজ সাথে। তেওঁ কয় যে, “অহা এমাহলৈ কংগ্ৰেছ দলৰ এটাই কাৰ্য্যসূচী, প্ৰতিখন গাওঁ, প্ৰতিটো অঞ্চললৈ গৈ জনোৱা – দেশৰ অধিকাংশ বিমান বন্দৰ আদানী কোম্পানিজক দিয়া হৈছে; দেশৰ কেইবাটাও সাগৰীয় বন্দৰ আদানীক দিব যোৱা হৈ আছে। এই সকলোবোৰ কিয় এটা কোম্পানিকে দিয়া হৈ আছে, মোদী চৰকাৰৰ এটা কোম্পানীলৈ ইমান দৰদ কিয়? এই প্ৰশ্নবোৰেই ৰাহুলজীয়ে শুধিবলৈ বিচাৰিছিল আৰু এই কথাবোৰে লৈ আমি ৰাইজৰ ঘৰে ঘৰে গৈ কংগ্ৰেছ দলৰ প্ৰতিগৰাকী কাৰ্য্যকৰ্তাই ক’ব যদি দেশ বচাব লাগে, দেশৰ সম্পত্তি বচাব লাগে, দেশৰ লোকতন্ত্ৰ বচাব লাগে তেতিয়া হ’লে মোদীজী আৰু মোদী-আদানীৰ চৰকাৰ আঁতৰাব লাগিব।”

 

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like