নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্নীতিগ্রস্তই বিটিচিত আৰু মূৰ দাঙি উঠিব নোৱাৰিব

নিয়মীয়া বার্তা,  ১৮  ডিচেম্বৰঃ বি টি আৰৰ নৱনিযুক্ত মুখ্য কার্যবাহী সদস্য প্রমোদ বডোৱে বিটিচি নির্বাচনত সাফল্যৰ পাছত প্রথমবাৰৰ বাবে তেওঁৰ গৃহ সমষ্টি তামুলপুৰৰ গয়বাৰীত পদার্পণ কৰে৷ মুখ্য কার্যবাহী সদস্যগৰাকীয়ে তামুলপুৰৰ কচুবাৰীস্থিত শ্রীশ্রীগোপাল আৰু জগন্নাথ থান সত্রত পৰিয়ালসহ গোপাল আৰু জগন্নাথ প্রভুৰ শ্রীচৰণত আঁঠু লয়৷ সত্র পৰিচালনা সমিতিয়ে সম্বর্ধনা জনায় মুখ্য কার্যবাহী সদস্যগৰাকীক৷ বডোৱে কয় যে বি টি আৰৰ দুখীয়া, বঞ্চিত মানুহখিনিক চিনাক্ত কৰাই হ’ব প্রথম কাম৷ তদুপৰি বি টি আৰৰ চল্লিশটা পৰিষদীয় সমষ্টিৰ যিকেইটা সমষ্টিৰ বাট–পথ শোচনীয়, সেইবোৰৰ অচিৰেই পুনৰ নির্মাণ কৰা হ’ব৷ লগতে মহিলাসকলৰ জীৱিকাৰ কাৰণে শীঘ্রেই আত্মসহায়ক গোটৰ দ্বাৰা বিভিন্ন কর্ম আঁচনি গ্রহণ কৰা হ’ব৷ ইয়াৰ পাছতে তামুলপুৰৰ বিষ্ণুজ্যোতি জাতীয় বিদ্যালয়ৰ সন্মুখত আয়োজন কৰা ৰাজহুৱা সম্বর্ধনা সভাত উপস্থিত হোৱাৰ লগে লগে সম্বর্ধনা জ্ঞাপনৰ বাবে হেতা–ওপৰা লগায় অগণন শুভাকাংক্ষী আৰু গুণমুগ্ধই৷

তামুলপুৰ জিলা ইউ পি পি এলৰ উদ্যোগত আয়োজিত এই বিশাল সম্বর্ধনা সভাখনৰ আঁত ধৰে ইউ পি পি এল নেতা জিতেন মোছাহাৰীয়ে৷ তামুলপুৰ জিলা ইউ পি পি এলৰ সভাপতি বিপুল কুমাৰ বসুমতাৰী, ভাৰপ্রাপ্ত সম্পাদক বীৰেন দাস, গয়বাৰী ব্লক ইউ পি পি এলৰ সভাপতি নিৰঞ্জন ডেকা, উপ–সভাপতি পৱিত্র নার্জাৰী, সাধাৰণ সম্পাদক কবিন চন্দ্র বসুমতাৰী, তামুলপুৰ জিলা যুৱ ইউ পি পি এলৰ সভাপতি ৰমিত স্বর্গীয়াৰী, ইউ পি পি এল নেতা উৎপল তালুকদাৰ, জলটি মদাহি, অজিত কলিতা, নজৰুল ইছলাম আদিকে ধৰি হাজাৰ হাজাৰ জনতা সভাত উপস্থিত থাকে৷ তামুলপুৰৰ বিভিন্ন দল–সংগঠনে মুখ্য কার্যবাহী সদস্য প্রমোদ বডোক ফুলাম গামোচা, শৰাই, ফুলৰ থোপা, জাপি আদিৰে উষ্ম আদৰণি জনোৱাৰ পাছত মুখ্য কার্যবাহী সদস্য প্রমোদ বডোৱে কয়– ‘মই নেতৃত্ব দিবলৈ অহা নাই৷ মই ৰাইজৰ সেৱা কৰিবলৈহে আহিছেছা৷ আমি সকলোৱে মিলি ৰাইজৰ স্বার্থত কাম কৰিম৷

বি টি আৰৰ সচিবালয়ে ৩৫ লাখ জনসাধাৰণৰ কাৰণে কাম কৰিব লাগিব৷ সচিবালয়ত কাম কৰা বিষয়া–আমোলাই যদি ৰাইজৰ সেৱা কৰিবলৈ মন আছে, তেন্তে সেৱা কৰি যাওক, নহ’লে আঁতৰি যাওক৷ এতিয়াৰে পৰা বি টি আৰত দুর্নীতি কৰাসকলে মূৰ দাঙি উঠিব নোৱাৰিব৷ গৰিবৰ ধন আত্মসাৎ কৰিব নোৱাৰিব৷ যদি কাৰোবাৰ দুর্নীতি কৰিবলৈ মন আছে, তেন্তে এতিয়াই বিদায় লোৱা ভাল৷’ ইউ পি পি এল, বিজেপি আৰু জি এছ পিৰ সন্মিলিত চৰকাৰখন সকলোৰে লগত বিকাশৰ পথত থাকিব বুলিও প্রমোদ বডোৱে মন্তব্য কৰে৷ সভাত ইউ পি পি এলৰ উপ–সভাপতি হিৰণ্য চৌধুৰী, শব্দ ৰাভা, নিখিল বডো ছাত্র সন্থা, চমুকৈ এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী আৰু বিধায়ক ইমানুৱেল মোছাহাৰীয়েও ভাষণ দিয়ে৷

You might also like