নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বেগমজান’ৰ প্ৰচলন বন্ধৰ দাবীত ৰাষ্ট্ৰীয় পথত জুই জ্বলাই প্ৰতিবাদ ৰাষ্ট্ৰীয় বজৰংগ দলৰ

নিয়মীয়া বাৰ্তা, ৯ জুলাই : আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় বজৰংগ দলৰ ৰঙিয়া জিলা(উত্তৰ কামৰূপ) সমিতিয়ে আজি কামৰূপ জিলাৰ বাইহাটা চাৰিআলি চ’কত ৰাষ্ট্ৰীয় ঘাইপথত জুই জ্বলাই অসমীয়া ধাৰাবাহিক ‘বেগমজান’ৰ তীব্র বিৰোধিতা অাৰু ইয়াৰ প্ৰচলন বন্ধ কৰাৰ দাবীত এক প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি নানান শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে ।

প্রতিবাদকাৰীসকলে এই ধাৰাবাহিকখনৰে হিন্দু ধৰ্ম অাৰু হিন্দু ধৰ্মীয় নাবালিকা-কিশোৰী-যুৱতীৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হৈ অহা লাভ জেহাদীবোৰক উচটনি দিয়াৰ গুৰুতৰ অভিযোগ কৰি ইয়াৰ নিৰ্দেশক পৱন মহন্ত,অভিনেত্ৰী প্রীতি কংকণা আৰু সীমান্ত শেখৰক এই কাৰ্য শীঘ্ৰে ত্যাগ কৰাৰ লগতে ভৱিষ্যতে হিন্দুধৰ্ম বিৰোধী কোনো কাৰ্যত জড়িত নহবলৈয়ো সকিয়াই দিয়ে । প্রতিবাদকাৰী সকলে বিতৰ্কৰ অাৱৰ্তত সোমাই পৰা এই ‘বেগমজান’ ধাৰাবাহিকখনৰ দৃশ্য এজন কংগ্ৰেছী স্বয়ং সেৱকৰ ঘৰত গ্ৰহণ কৰাৰো অভিযোগ কৰি কেঁচু খান্দোতে সাপ ওলাৱ বুলিও হুংকাৰ দিয়ে ।

তদুপৰি তেওঁলোকে লাভ জেহাদৰ পৰা কোন ৰাজনৈতিক দল লাভবান হৈছে বুলি প্ৰশ্ন কৰি ইয়াক ষড়যন্ত্ৰ অাখ্যা দি সমগ্র হিন্দু সমাজক ইয়াৰ বিৰুদ্ধে ওলাই অাহি ৰাষ্ট্ৰীয় বজৰংগ দলক সহযোগ কৰিবলৈয়ো অনুৰোধ জনায়।

You might also like