ষষ্ঠ অনুসূচীকৰণ, ই আই এ বাতিল আৰু জনগোষ্ঠীসকলক ভূমি পত্তা প্ৰদানৰ দাবীত পাঁচ তিৱা জাতীয় সংগঠনৰ মৰিগাঁৱত অৱস্থান ধৰ্মঘট
নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰ: তিৱা স্বায়ত্ব পৰিসদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীভুক্তকৰণৰ প্ৰস্তাৱ অতি শীঘ্ৰে কেন্দ্ৰিয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ দাবীত, জনগোষ্ঠী সকলৰ দখলত থকা ভূমি অতি শীঘ্ৰে পত্তা প্ৰদানৰ ব্যৱস্থা কৰা আৰু খিলঞ্জীয়া বিৰোধী ই আই এ বাতিলৰ দাবীত আজি মৰিগাঁও চহৰৰ বিহুতলিত সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা মহিলা সন্থা, তিৱা যুৱ ছাত্ৰ পৰিসদ, সদৌ তিৱা সুৰক্ষা সমিতি আৰু তিৱা সাংস্কৃতিক সমাজৰ নেতৃত্বত এক ৩ ঘন্টিয়া অৱস্থান ধৰ্মঘট কায্যসূচী ৰূপায়ন কৰা হয়। তিৱা ছাত্ৰ সন্থাৰ সভাপতি ধৰ্ম সিং বৰদলৈ, ভাৰপ্ৰাপ্ত সম্পাদক চেনিৰাম মালাং, তিৱা মহিলা সন্থাৰ সভানেত্ৰী জোনালী মিথি, সম্পাদিকা টুটো মণি ডেকাৰজা, তিৱা যুৱ ছাত্ৰ পৰিসদৰ সম্পাদক ৰত্নেশ্বৰ দেউৰী, তিৱা সুৰক্ষা সমিতিৰ সম্পাদক সৃজয় দেউৰী আদিৰ নেতৃত্বত মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিবাদী ৰাইজে উক্ত ৰাইজে অংশ গ্ৰহণ কৰে।
আনহাতে উক্ত প্ৰতিবাদী কায্যসূচীত ভাষণ প্ৰদান কৰি বিশিষ্ট তিৱা সংগ্ৰামী নেতা ৰিমল আমচিয়ে কৈ যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰতিবাৰেই নিৰ্বাচনৰ পূৰ্বে তিৱা ৰাইজক ললিপপ খুৱাই নিৰ্বাচনী বৈতৰণি পাৰ হব বিচাৰে কিন্তু এইবাৰ তিৱা জাতীয় সংগঠন সমূহে আগন্তুক নিৰ্বাচনত প্ৰয়োজন হলে বিকল্প চিন্তা কৰিব। সেয়েহে সময় থাকোতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আলোচনা কৰক তিৱা জাতীয় সংগঠন সমূহৰ সৈতে। তেওঁ কৈ যে তিৱা সংগঠন সমূহে আলোচনা বিচাৰিছে। কিন্তু এই ক্ষেত্ৰত স্পষ্ট স্থিতি প্ৰকাশ নকৰিলে শাসনাধিস্থ চৰকাৰ খনে উপযুক্ত প্ৰত্যুত্তৰ পাব। আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰস্তাৱিত নতুন ৰাজনৈতিক দলত তিৱা সংগঠন সমূহে থাকিবনে নাথাকে সেই সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই বুলি উল্লেখ কৰি তিৱা নেতা গৰাকীয়ে কৈ যে আমি আছুক শুভেচ্ছা জনাইছোঁ কিন্তু আমি উক্ত দলত থাকিম নে নাথাকিম সেইয়া বৰ্তমান সময়ত কোনো সিদ্ধান্ত লোৱা হোৱা নাই।