নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰ চক্র বিষয়াৰ কার্যালয়ত ৬ আমৰি কার্বি সংগঠনৰ ধর্ণা–বিক্ষোভ

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ আমৰি কার্বিক পাহাৰীয়া জনজাতিৰ মর্যাদা প্রদান কৰক, ডিমৰীয়াত তিৱা নির্বাচন বাতিল কৰক, আমৰি কার্বি জিন্দাবাদ, অসম চৰকাৰ হায় হায় আদি শ্লোগানেৰে  সোণাপুৰ চক্র বিষয়া কার্যালয় উত্তাল হৈ পৰে৷ আমৰি কার্বি ছাত্র সন্থাৰ উদ্যোগত আৰু আমৰি কার্বি জাতীয় পৰিষদ, আমৰি কার্বি বাংঠে আছেম, আমৰি কার্বি আর্লচ আছেম, আমৰি কার্বি ছৰনাম আহার্ছি, আমৰি কার্বি ৰূকৎচাক আছেমৰ সহযোগত এই প্রতিবাদকাৰীসকল প্রথমে সোণাপুৰ নতুন বজাৰত একত্রিত হয়৷ পিছত হাতে হাতে বেনাৰ, প্লে–কার্ড লৈ সোণাপুৰ বজাৰৰ মাজেৰে সমদল কৰি সোণাপুৰ চক্র বিষয়া কার্যালয় উত্তাল কৰি তোলে৷ আমৰি কার্বি সংগঠনে সুদীর্ঘ বছৰ ধৰি গণতান্ত্রিক আন্দোলনৰ জৰিয়তে জনগোষ্ঠীটোক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত পার্বতীয় জনজাতি প্রদানৰ দাবী জনাই আহিছে যদিও চৰকাৰে কোনো পদক্ষেপ লোৱা নাই৷ উল্লেখ্য যে কার্বি জনগোষ্ঠীটোৰ তিনিটা ফৈদ হৈছে– চিংঠং, ৰংহাং আৰু আমৰি৷ এইক্ষেত্রত চিংঠং আৰু ৰংহাংসকলক সাংবিধানিকভাৱে পার্বত্য জনজাতিৰ মর্যাদা দি নির্দিষ্ট সীমাৰেখাৰ মাজত কার্বি আংলং জিলা গঠন কৰে৷ সেই সীমাৰেখাৰ বাহিৰত থকা আমৰি কার্বি ফৈদক আজিলৈকে পার্বত্য মর্যাদা প্রদান নকৰাটো অতি দুর্ভাগ্যজনক বুলি প্রকাশ কৰে আমৰি কার্বি সংগঠনকেইটাই৷

সংগঠনকেইটাৰ মতে, ইতিহাসৰ পাতত জিলিকি থকা আমৰি কার্বি জনগোষ্ঠীক প্রতিখন চৰকাৰে মাহীআইৰ দৃষ্টিৰে চাই আহিছে৷ এশ এবুৰি সমস্যাৰে ভাৰাক্রান্ত হৈও তেওঁলোকে নিজৰ পৰম্পৰাগত ভাষা, কলা–সংস্কৃতি জীয়াই ৰাখিছে৷ ইপিনে, ডিমৰীয়াৰ ছয় সমষ্টিত তিৱা নির্বাচন চলিত বর্ষতে অনুষ্ঠিত কৰাৰ কথা প্রকাশ পোৱাত জাঙুৰ খাই উঠিছে আমৰি কার্বি ৰাইজ৷ তেওঁলোকৰ দাবী– ডিমৰীয়াত তিনি শতাংশহে তিৱা লোক আছে৷ তাৰ বিপৰীতে ডিমৰীয়াৰ অধিকসংখ্যক লোক আমৰি কার্বি৷ তেনে ক্ষেত্রত এনে নির্বাচনে আমৰি কার্বিৰ লগতে অন্যান্য জনগোষ্ঠীৰ লোকৰ যথেষ্ট ক্ষতি কৰিব বুলি উল্লেখ কৰে৷ লাঞ্ছিত–বঞ্চিত হৈ অহা জনগোষ্ঠীটোৱে আন্দোলন–প্রতিবাদৰ লগতে ৰাষ্ট্র্রীয় পথ, ৰে’লপথ অৱৰোধ কার্যসূচীও গ্রহণ কৰি আহিছে যদিও কোনো সুফল পোৱা নাই৷ কামৰূপ মহানগৰ জিলাৰ ২৬নং ডিমৰীয়া সমষ্টি, ৩২নং ডিগাৰু সমষ্টি, ৩৩নং ক্ষেত্রী সমষ্টি, ৩৪নং সোণাপুৰ সমষ্টি, ৩৫নং আম্প্রী সমষ্টি আৰু ৩৭নং ফং আৰি সমষ্টিত তিৱা নির্বাচন অনুষ্ঠিত কৰিব বিচাৰিছে৷ এই সমষ্টিকেইটাত পূর্বেও নির্বাচন পতাৰ বাবে হেঁচা প্রয়োগ কৰিছিল৷ একমাত্র আমৰি কার্বি ৰাইজৰ তীব্র বিৰোধিতাত নির্বাচন বাতিল কৰিবলৈ বাধ্য হৈছিল চৰকাৰে৷ কিন্তু এতিয়া পুনৰ ডিমৰীয়াৰ এই ছয় সমষ্টিত তিৱা নির্বাচন অনুষ্ঠিত কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে৷ যাক লৈ আমৰি কার্বি ৰাইজ জাঙুৰ খাই উঠিছে৷ এই ছয় সমষ্টিত তিৱা নির্বাচন অনুষ্ঠিত হ’লে ভয়ংকৰ পৰিস্থিতি হ’ব বুলিও সকীয়াই দিছে চৰকাৰক৷ তদুপৰি ড্রাইবেল ব্লক সুৰক্ষাৰ লগতে বর্ণিহাট তামুলীকুছিত চৰকাৰে যি চক্রান্ত কৰি ডাম্পিং গ্রাউণ্ড প্রকল্প স্থাপন কৰিব বিচাৰিছে, তাকো আজিৰ প্রতিবাদৰ জৰিয়তে বাতিল কৰিবলৈ দাবী জনাইছে৷ শেষত চক্র বিষয়াৰ জৰিয়তে মুখ্যমন্ত্রী, উপায়ুক্ত, মুখ্য সচিবলৈ স্মাৰক–পত্র প্রেৰণ কৰে৷

You might also like