নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়ক জিতু গোস্বামীৰ বাস গৃহৰ সন্মুখত প্ৰতীকী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন

নিয়মীয়া বাৰ্তা  , ২৬ আগষ্টঃ , নগাঁৱৰ বঢ়মপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ নগাওঁ চহৰৰ আমোলাপট্টিৰ বাসভৱনৰ সন্মুখত কেইবাটাও দল সংগঠনে এক প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী কাৰ্যসূচীক আৰক্ষীয়ে বাধা প্ৰদান কৰাত আন্দোলনকাৰীৰ লগত আৰক্ষীৰ খণ্ড যুদ্ধ লাগে । উল্লেখ যে আজি দীৰ্ঘ দিন ধৰি নগাঁও জিলাৰ বঢ়মপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত আৰু চামগুৰি আৰক্ষী থানাৰ অধীনৰ এলেকাধীন মিকিৰ বামুনী গ্ৰাণ্ট্ৰৰ ৰায়তি কৃষক সকলে নিজৰ ভূমিৰ অধিকাৰ বিচাৰি সংগ্ৰাম কৰি আহিছে । ৰায়তি খতিয়ান প্ৰাপ্ত মিকিৰ বামুনী গ্ৰাণ্টৰ কৃষকৰ কৃষি ভূমি অধিগ্ৰহন কৰি আজুৰ পাৱাৰ কোম্পানীক সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে চৰকাৰে অনুমতি প্ৰদান কৰিছে ।

অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ , কৃষক সভা , চিপিআই , কৃষক মুক্তি সংগ্ৰাম সমিতি , ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল সংগঠনে আজুৰ পাৱাৰ কোম্পানীক উঠাই দি ৰায়তি কৃষকক ভূমি ঘূৰাই দিয়াৰ দাবীত আজি ২০০ দিনৰো অধিক সময় আন্দোলন কৰি আহিছে যদিও চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰনৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে দল সংগঠন কেইটাই । শেহতীয়া ভাবে অসম বিধান সভাৰ অধিবেশনত বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে আজূৰ পাৱাৰ কোম্পানীক দিয়া ভূমিখিনি অৱহেলিত আৰু পৰিত্যক্ত বুলি মন্তব্য কৰিছিল । ইয়াতে ক্ষুন্ন হৈ দল সংগঠন কেইটাই জিতু গোস্বামীৰ বিৰুদ্ধে আন্দোলন কৰিছিল ।

জিতু গোস্বামীৰ এই মন্তব্য প্ৰত্যাহাৰৰ দাবীত এই দল সংগঠন কেইটাই বিধায়ক গৰাকীৰ বাস গৃহৰ সন্মূখত আজি প্ৰতীকী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰী সকলে বিধায়ক গৰাকীক তেওঁৰ উল্লেখিত মন্তব্য শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ আহবান জনাই । বিধায়ক গৰাকীয়ে এই ক্ষেত্ৰত ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰিলে অনাগত দিনত বিধায়ক গৰাকী তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হব লাগিব বুলি সতৰ্ক কৰি দিয়ে । এই প্ৰতিবাদী কাৰ্যসূচীত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়া , চিপিআইৰ ৰাতুল বৰা , কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাওঁ জিলা সমিতিৰ সাধাৰণ সম্পাদক জিতেন বৰাকে ধৰি বহু কেইজন আন্দোলনকাৰীয়ে অংশ গ্ৰহন কৰে ।

You might also like