বোকাজানত পথ নিৰ্মাণৰ দাবীত অৰ্ধ উলংগ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ এটা সুচল পথৰ বাবে বছৰৰ পিছত বছৰ ধৰি চৰকাৰৰ মুখলৈ চায়ো কোনো সুফল নাপাই অৱশেষত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ল বোকাজান মহকুমাৰ ছখনকৈ গাঁৱৰ ৰাইজে। স্থানীয় লোকসকলে দাবী কৰা অনুসৰি বোকাজান মহকুমাৰ সৰুপথাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দুহেজাৰৰো অধিক জনবসতিপূৰ্ণ চেছং বে’, লাইচান গাঁও, মহৰি টকবি গাঁও, চিকাৰী বে’ গাঁও, চিনি টেৰণ গাঁও আৰু হেমছিং হাঞ্চে আদি গাঁওসমূহ স্থাপন হোৱা শতবৰ্ষ অতিক্ৰম কৰিছে যদিও এলেকাটোৰ উন্নয়নৰ বাবে চৰকাৰে আজি পৰ্যন্ত কোনো গুৰুত্ব প্ৰদান কৰা নাই।বোকাজান বিধান সভা সমষ্টিৰ অন্তৰ্গত সৰুপথাৰ পৰিষদীয় সমষ্টিৰ বৰ্তমানৰ পৰিষদীয় সদস্য তথা কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য তথা পূৰ্বৰ তিনিটা কাৰ্যকালৰ বোকাজানৰ বিধায়ক জগত সিং ইংতিৰ ঘৰৰ সমীপৰ এই পথটোৰ এই দুৰৱস্থাৰ বাবে তেওঁৱেই সম্পূৰ্ণ দায়ী বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰে।

গাঁৱৰ যুৱকসকলে আজি পথছোৱাৰ ওপৰত থিয় দি অৰ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অনতিপলমে পথছোৱা নিৰ্মাণ অথবা মেৰামতিৰ ব্যৱস্থা হাতত নল’লে অনাগত দিনত নিৰ্বাচন বৰ্জনৰ দৰে সিদ্ধান্ত লোৱাৰো হুংকাৰ প্ৰদান কৰে। প্ৰতিবাদকাৰীসকলে লগতে “ন ৰোড ন ভোট” শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। আনহাতে স্থানীয় লোকসকলৰ এনে প্ৰতিবাদী কাৰ্যসূচীৰ পিছতো চৰকাৰে ৰাইজৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰিলে অনাগত দিনত সম্পূৰ্ণ উলংগ প্ৰতিবাদ কৰাৰো হুংকাৰ দিয়ে প্ৰতিবাদী ৰাইজে।