নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপযুক্ত হিতাধিকাৰীৰ নাম নাই অৰুণোদয় আঁচনিত, উত্তপ্ত ঢকুৱাখনা

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ উপযুক্ত হিতাধিকাৰীক অৰুণোদয় আচঁনিত নাম অন্তৰ্ভুক্ত নকৰাক লৈ উত্তপ্ত হ’ল এখন পঞ্চায়তৰ শতাধিক ৰাইজ ৷ ঢকুৱাখনা মহকুমা অন্তগৰ্ত পূব ঢকুৱাখনা পঞ্চায়তৰ একাংশ সচেতন লোক এতিয়া এই দুৰ্নীতিৰ বিৰুদ্ধে ওলাই আহিছে ৰাজপথলৈ ৷ কিয়নো বিজেপিৰ চৰকাৰখনে শূন্য সহনশীলতাৰ কথা কৈ থকাৰ মাজতে কিন্তু এতিয়া একাংশ বিজেপি  নেতা-পালিনেতাই কৰিছে ভয়ানক দুৰ্নীতি-অনিয়ম৷

বিশেষকৈ পঞ্চায়তটোৰ একাংশ মহিলা, দিব্যাংগ, আবিয়ৈ, বিধৱা, বিবাহ বিচ্ছেদিত আৰু ৰেচম কাৰ্ড নথকা দুখীয়া পৰিয়ালৰ মহিলাক তালিকাৰ পৰা বাদ পেলাই কেৱল বিজেপিকেন্দ্ৰিক কৰাৰ অভিযোগ উথাপন হৈছে , যাৰ বাবে আজি পূব ঢকুৱাখনাবাসী ৰাইজে ঢকুৱাখনাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী নৱ কুমাৰ দলেৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে গাঁৱৰ একাংশ পুৰুষ-মহিলাই হাতত প্লেকাৰ্ড লৈ মন্ত্ৰী নৱ দলে গো বেক, নৱ দলে হুচিয়াৰ আদি শ্লোগান দিয়ে পূব ঢকুৱাখনা পঞ্চায়ত কাৰ্যালয় চৌহদ ৷

You might also like