নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দুর্নীতিঃ গুৱাহাটী হাই ক’ৰ্টত ৰাজহুৱা স্বার্থজড়িত গোচৰ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ উচ শিক্ষাৰ অন্যতম প্রাণকেন্দ্র কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ভৱন নির্মাণকে ধৰি বিভিন্ন ক্ষেত্রত দুর্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত৷ শেহতীয়াকৈ বিশ্ববিদ্যালয়খনত ভৱন নির্মাণৰ নামত সংঘটিত ব্যাপক কেলেংকাৰিৰ অভিযোগৰ তদন্ত বিচাৰি ৰুজু হৈছে ৰাজহুৱা স্বার্থজড়িত গোচৰ৷ পলাশ চেতিয়া নামৰ এজন ব্যক্তিয়ে দাখিল কৰা ৩৭/২০২০ নম্বৰত ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানিৰ সময়ত প্রকাশ পোৱা অনুসৰি ইতিমধ্যে বিশ্ববিদ্যালয়খনৰ দুর্নীতিৰ তদন্তৰ বাবে নির্দেশ দিছে আচার্য ৰাজ্যপাল জগদীশ মুখীয়ে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্রাপ্ত ন্যায়াধীশৰ নেতৃত্বত গঠন কৰি দিয়া এজনীয়া কমিটীক এই তদন্তৰ ভাৰ অর্পণ কৰা হৈছে৷

সমান্তৰালভাৱে বশিষ্ঠ আৰক্ষী থানাত বিশ্ববিদ্যালয়খনৰ দুর্নীতি সন্দর্ভত ভাৰতীয় দণ্ডবিধিৰ ৪০৯/৪২০ ধাৰাৰ অধীনত ২২০১/২০১৯ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে৷ সেয়েহে ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ অচিন্ত্য মল্ল বুজৰবৰুৱাৰ খণ্ড বিচাৰপীঠে ইতিমধ্যে ঘোষণা কৰা তদন্ত আৰু এজাহাৰখনৰ তদন্তৰ ওপৰত ভিত্তি কৰি পুনৰ আবেদনকাৰীক ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ স্বাধীনতা প্রদান কৰিছে৷ উল্লেখ্য যে বিশ্ববিদ্যালয়খনত ভৱন নির্মাণৰ নামত দুর্নীতি–নিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ ৰাজহুৱা স্বার্থজড়িত আবেদনখনত উল্লেখ কৰা অনুসৰি মহানগৰীত এটা চৌহদ নির্মাণৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ক ৫ বিঘা ভূমি আবণ্টন দিছিল৷ এই ভূমিত ভৱন নির্মাণৰ দায়িত্ব ৰাজ্য চৰকাৰৰ গড়কাপ্ঢানী বিভাগৰ পৰিৱর্তে অসম কৃষি বিশ্ববিদ্যালয়ক অর্পণ কৰা হৈছিল৷

প্রাথমিকভাৱে এই ভৱন নির্মাণৰ বাবে প্রায় ৭০ কোটি টকা ধার্য কৰা হৈছিল যদিও পৰৱর্তী সময়ত এই পুঁজি ১০৮ কোটিলৈ বৃদ্ধি কৰা হৈছিল৷ সমান্তৰালভাৱে নির্দিষ্ট নিবিদা প্রক্রিয়া অনুসৰণ নকৰাকৈ এটা নির্দিষ্ট প্রতিষ্ঠানক এই সকলো কামৰ দায়িত্ব অর্পণ কৰা হৈছিল বুলিও ৰাজহুৱা স্বার্থজড়িত আবেদনখনত উল্লেখ কৰা হৈছে৷ আগন্তুক সময়ত ৰাজ্যপালে গঠন কৰি দিয়া কমিটীৰ তদন্তত কি কি তথ্য পোহৰলৈ আহে সেয়া লক্ষণীয় হ’ব৷

You might also like