নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দুই সমষ্টিৰ ২০২২ চনৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

এবছৰত বৃদ্ধি পালে ২৫০১ টা ভোট; আজিৰে পৰা আৰম্ভ হল দাবী আৰু আপত্তিৰ কাম

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ত আজি দূপৰীয়া প্ৰায় ১২ বজাত জিলা প্ৰশাসনে এক সংবাদমেলৰ জৰিয়তে জিলাখনৰ দুই সমষ্টিৰ ২০২২ চনৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে।

উল্লখ্য যে জিলা উপায়ুক্তৰ সভাকক্ষত আজি দিনৰ ১২ বজাত জিলা প্ৰশাসনৰ উদ্যোগত জিলা নিৰ্বাচনী বিষয়াই এক সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত এইচ এন গৌতম মুখ্য ব্যক্তি হিচাপে উপস্থিত থকাৰ লগতে জিলা অতিৰিক্ত উপায়ুক্তা লক্ষ্মী কুটুম, ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া কৃতাঞ্জলী কাশ্যপ উপস্থিত থাকি সংবাদমেলৰ জৰিয়তে ২০২২ চনৰ খচৰা ভোটাৰ তালিকা আনুষ্ঠানিক ভাবে মুকলি কৰা হয়।

জিলাখনত ২০১১ চনৰ চুৰান্ত ভোটাৰ তালিকাতকৈ ২০২২ চনৰ খচৰা ভোটাৰ তালিকাত ২৫০১ টা ভোট বৃদ্ধি পাইছে। বৰ্তমানে জিলাখনৰ দুই সমষ্টিত থকা ৫৩৩ টা ভোটগ্ৰহন কেন্দ্ৰৰ মুঠ ভোটাৰৰ সংখ্যা ৪১৪৫৫১ টা । ইয়াৰে মানকাচৰ সমষ্টিৰ ২৮০ টা ভোট গ্ৰহন কেন্দ্ৰৰ মুঠ ভোটাৰৰ সংখ্যা ২২৬১৮৫ টা আৰু দক্ষিণ শালমাৰা সমষ্টিত ২৫৩ টা ভোটগ্ৰহন কেন্দ্ৰত মুঠ ভোটাৰৰ সংখ্যা ১৮৮৩৬৬ টা । মানকাচৰ সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যা ১১৪০৯৫ টা আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ১১২০৮৫ টা। আনহাতে দক্ষিণ শালমাৰা সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যা ৯৬৫৭৮ টা আৰু মহিলা ভোটাৰৰ সংখ্যা ৯১৭৮৩ টা। দুয়োখন সমষ্টিত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১০ টা।

মন কৰিবলগীয়া বিষয় এয়া যে এইবাৰ জিলাখনৰ দুই সমষ্টিত মুঠ ২৫০১ টা ভোট বৃদ্ধি পাইছে। ইয়াৰে দুয়োখন সমষ্টিত পুৰুষ ভোটাৰৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা অধিক বৃদ্ধি পাইছে। এইবাৰ জিলাখনত ১০২৫ গৰাকী পুৰুষ ভোটাৰ বৃদ্ধি পোৱাৰ লগতে ১৪৭৭ টা মহিলা ভোট বৃদ্ধি পাইছে।

উল্লেখ থাকে যে আজিৰে পৰা ৩০ নৱেম্বৰ তাৰিখলৈ জিলাখনৰ দুয়োখন সমষ্টিত দাবী আৰু আপত্তি দাখিলৰ কাম আৰম্ভ কৰা হৈছে। ১ জানুৱাৰী ২০২২ তাৰিখলৈ ১৮ বছৰ সম্পূৰ্ণ হোৱা সকলো ভাৰতীয় নাগৰিকে যাতে ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন কৰে তাৰ বাবে জিলা নিৰ্বাচনী বিষয়া এইছ এন গৌতমে সংবাদমেলযোগে প্ৰকাশ কৰি অহা ৫ জানুৱাৰী তাৰিখে জিলাখনৰ চুৰান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হব বুলি মত প্ৰকাশ কৰে।

You might also like