নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তীর্থস্থানৰ উন্নয়ন–পর্যটনৰ বিকাশৰ বাবে ব্যৱস্থা ল’ব পর্যটন বিভাগে

নলবাৰীত ’২০ বর্ষৰ পুণ্যধাম যাত্রাৰ শুভাৰম্ভণি অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্লৰ

নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ জ্যেষ্ঠ নাগৰিকসকলক পৱিত্র তীর্থস্থান দর্শনৰ বাবে অসম চৰকাৰৰ পর্যটন বিভাগে গ্রহণ কৰা আঁচনি ‘পুণ্যধাম যাত্রা’ৰ আজি নলবাৰীত ৰাজ্যিক ভিত্তিত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়৷ নলবাৰী জিলাৰ গর্ডন স্কুল খেলপথাৰৰ পৰা আজি পুৱা চলিত বর্ষৰ ‘পুণ্যধাম যাত্রা’ৰ শুভাৰম্ভণি কৰা হয়৷ পতাকা জোকাৰি এই যাত্রাৰ শুভাৰম্ভণি কৰে অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই৷ এই পুণ্যধাম যাত্রাৰ আৰম্ভণিতে যাত্রীসকলক শুভেচ্ছা আৰু দিহা– পৰামর্শ প্রদানৰ উদ্দেশ্যে এখন সভাৰ আয়োজন কৰা হয়৷ সভাত পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ভাষণত কয় যে অসম চৰকাৰৰ যোৱা তিনি বছৰ আগতে আৰম্ভ কৰা এই ‘পুণ্যধাম যাত্রা’ত প্রথম বছৰ ৪ ঠাইলৈ ভ্রমণৰ সুবিধা দিয়া হৈছিল৷ অসমৰ জ্যেষ্ঠ লোকক এই সুবিধা দিয়া হৈছিল৷ প্রতি বছৰে ৫/৬ হাজাৰ লোকক এই যাত্রাৰ জৰিয়তে ভ্রমণৰ সুবিধা দিয়া হৈছিল৷ক’ভিডৰ বাবে কিছুদিন পর্যটনৰ ক্ষেত্রত কিছু বাধা আহিছিল৷ কিন্তু বর্তমানে ক’ভিডৰ ভয়াৱহতা কিছু শাম কটাৰ বাবে আকৌ পর্যটনৰ ক্ষেত্রত বাধা নিষেধ উঠাই দিয়া হৈছে৷ এই বছৰ ২০/২৫ হাজাৰ লোকক পুণ্যধাম যাত্রা আঁচনিৰ জৰিয়তে ভ্রমণৰ সুবিধা দিব পৰা যাব বুলি আশা কৰা হৈছে৷ আজি নলবাৰী গর্ডন খেল পথাৰৰ পৰা পুণ্যধাম যাত্রালৈ লোকসকলক পঠোৱাৰ ব্যৱস্থা কৰা হৈছে৷ প্রতিখন জিলা সদৰৰ পৰা যাত্রা চলি থাকিব৷ ২৫০,০০০ টকা বা তাতকৈ কম আয়ৰ লোকসকলক চৰকাৰৰ তৰফৰ পৰা এই বিনামূলীয়া ভ্রমণৰ সুবিধা দিয়া হৈছে৷ এটা অঞ্চলৰ পৰা ২৫জন লোকক লৈ একোটা দল গঠন কৰি ভ্রমণৰ সুবিধা দিয়া হৈছে৷ যাত্রীসকলে যি যি ঠাই ভ্রমণ কৰিব, সেই অঞ্চলৰ লোকসকলৰ জীৱন ধাৰণ পদ্ধতিও জানিব পাৰিব৷ পর্যটন বিভাগৰ তৰফৰ পৰা পৰিচয় পত্র, একোখন গামোচা, বেগ আদি যাত্রীসকলক দিয়া হৈছে৷ তীর্থস্থানৰ উন্নয়ন, পর্যটনৰ উন্নয়নৰ বাবে ব্যৱস্থা ল’ব বিভাগে৷ ভ্রমণকাৰীসকলে অসমৰ চুক–কোণ চিনি পাওক, আন আন এলেকাৰ লোকক জানক তাৰেই সুবিধা দিছে চৰকাৰে৷ অসমৰ পর্যটন বিভাগৰ আয়ুক্ত সচিব মুকেশ চাহুৱে ক’ভিডৰ নিয়ম মানি পুণ্যধাম যাত্রা কৰিবলৈ অনুৰোধ জনায়৷ অনুষ্ঠানত আদৰণী ভাষণ দিয়ে নলবাৰীৰ উপায়ুক্ত পূৰৱী কোঁৱৰে৷ ডাঃ উমেশ চক্রৱর্তীয়ে পুণ্যধাম যাত্রালৈ যোৱা লোকসকলক স্বাস্থ্য সম্পর্কীয় দিহা আগবঢ়ায়৷ পর্যটন বিভাগৰ সঞ্চালক দেৱপ্রসাদ মিশ্রই শলাগৰ শৰাই যাঁচে৷ সচিব ৰাজবী হুছেইনো আজিৰ অনুষ্ঠানত উপস্থিত থাকে৷ লগতে উপস্থিত থাকে সমাজকর্মী ডাঃ ভূপেশ শর্মা, ডাঃ মৃগাংক তালুকদাৰ আৰু কেইবাজনো জ্যেষ্ঠ নাগৰিক৷ উল্লেখ্য যে আজি জিলাখনৰ বিভিন্ন প্রান্তৰ পৰা ৰাজ্যৰ পাঁচ স্থান– শিৱসাগৰ, মাজুলী, তেজপুৰ, নগাঁও আৰু ধুবুৰী অভিমুখে দুশগৰাকী জ্যেষ্ঠ নাগৰিকক প্রেৰণ কৰা হয় পুণ্যধাম যাত্রালৈ৷

You might also like