ঘিলামৰা নৰ্থ বেংক কলেজৰ কোৱাৰেন্টাইন শিবিৰৰ পৰা ১৯ গৰাকীক ঘৰলৈ যাবলৈ অনুমতি
নিয়মীয়া বাৰ্তা, ৮ জুনঃ ঘিলামৰাস্থ সোৱনশিৰি ৰাজহ চক্ৰ কেন্দ্ৰৰ অন্তৰ্গত ঘিলামৰা নথ বেঙ্ক কলেজত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা আজি ১৯ জন যুৱকক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হয় ।
উল্লেখ্য যে, ২৬ মে’ৰ পৰা ঘিলামাৰা নথ বেঙ্ক কলেজৰ কোৱাৰেন্টাইন কেন্দ্ৰত আবাসী হিচাবে থকা এই কেইজন ঢকুৱাখনা, ধলপুৰ, লালুক, বিহপুৰীয়া, বঙালমৰা, আদি অঞ্চলৰ যুৱক বুলি জানিব পৰা গৈছে ।
আনহাতে ঘিলামাৰা এই কোৱাৰেন্টাইন কেন্দ্ৰত ২৬ মে’ৰ পৰা ৩০ মে’লৈ কেইবাটাও পৰ্যায়ত মুঠ ৬৮ জন বহিঃৰাজ পৰা অহা যুৱক কোৱাৰেন্টাইন হৈ আছিল । তাৰে তিনিজনৰ দেহত ক’ভিড-১৯ ত পজিটিভ ওলোৱাত যুৱক কেইজনক উন্নত চিকিৎসাৰ বাবে লখিমপুৰ জিলা ক’ভিড কেয়াৰ চেন্টাৰলৈ স্থানান্তৰিত কৰা হয়।
ইফালে ঘিলামৰা নথ বেঙ্ক কলেজৰ কোৱাৰেন্টাইন কেন্দ্ৰত আবাসী হিচাবে থকা একাংশ যুৱকে অসভ্যালীৰ চূড়ান্ত সীমা চেৰাই গৈ কোৱাৰেন্টাইন কেন্দ্ৰটিৰ বিস্তৰ ক্ষতি সাধন কৰা উপৰিও নিত্য ব্যৱহাৰৰ আচবাবৰ উপৰিও চৌহদত থকা টিংৰ বেৰা ভাঙি দিয়া চেষ্টা কৰিছিল । আজি বিয়লি এই কেন্দ্ৰ পৰা হোম কোৱাৰেন্টাইন লৈ পঠিয়াই দিয়া একাংশ যুৱকৰ উদণ্ড স্বভাৱ বিপৰীতে সৰহসংখ্যক আবাসীয়ে কেন্দ্ৰটিৰ পৰা যোগান ধৰা সকলো ব্যৱস্থাৰ লগতে চিকিৎসাৰ, চিকিৎসাৰ কৰ্মীৰ ব্যৱহাৰত প্ৰশংসা কৰাৰ লগতে স্থানীয় প্ৰশাসনে পুষ্টিকৰ খাদ্য যোগান দিয়া বুলি সাংবাদিক আগত প্ৰকাশ কৰে।