ৰহাত পুনৰ ৫ জনৰ দেহত ক’ৰোণা পজিটিভ; কোৱাৰেন্টাইন আছিল ব্যক্তিকেইজন
নিয়মীয়া বাৰ্তা,১২ জুন: ৰাজ্যত অব্যাহত আছে মহামাৰী ক’ৰোণা ভাইৰাছৰ তাণ্ডৱ। এই মহামাৰীৰ বাবে বহিঃৰাজ্যৰ পৰা অসমলৈ ঘূৰি অহা লোকসকলক জিলাই জিলাই কোৱাৰেন্টাইন কৰা পাছত শুকুৰবাৰে ৰহাত ওলাল পাঁচজনলোকৰ ক’ৰোণা পজিটিভ।
জানিব পৰা মতে ৰহা দেৱাগুৰিত হোমকোৱাৰেন্টাইনত থকা দিল্লিফেৰৎ ৰাধিকা পাটৰ নামৰ এগৰাকী মহিলাৰ দেহত ধৰা পৰিছে কভিড-১৯ পজিটিভ। ইয়াৰ লগতে বহিঃৰাজ্যৰ পৰা অসমলৈ ঘূৰি অহা আন চাৰিজনকৈ লোকৰ দেহত ক’ৰোণা পজিটিভ ধৰা পৰিছে।
ব্যক্তিকেইজন ৰহা মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত আছিল। ব্যক্তি কেইজন ক্ৰমে বিষ্ণু ইংলেঙ(আমচৈ), মোহন টেৰঙ(আমচৈ) , সুৰেশ ৰয়(ফুলগুৰি) আৰু নিমাই দাস ( লংজাপ)।
ইয়াৰে বিষ্ণু ইংলেঙ আৰু মোহন টেৰণে যোৱা আঠ জুনত মহাৰাষ্ট্ৰৰ পৰা ৰেলযোগে অসমলৈ আহিছিল। সুৰেশ ৰয়ে ৯ জুনত গোৱাৰ পৰা ইণ্ডিগ’ বিমানেৰে আৰু নিমাই দাসে মহাৰাষ্ট্ৰৰ পৰা ইণ্ডিগ’ বিমানেৰে আহিছিল অসমলৈ। ব্যক্তিকেইজনৰ দেহত ক’ৰোণা পজিটিভ ধৰা পৰাত ইতিমধ্যে নগাঁও জিলা স্বাস্থ্য বিভাগে আটাইকে নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰে।