নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত সদৌ অসম গৰিয়া- মৰিয়া-দেশী জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ সংবাদমেল

অসম  শক্তি বিতৰণ কোম্পানীৰ বিৰুদ্ধে   ভুৱা বিল প্ৰেৰণ কৰাৰ লগতে বিদ্যুৎ মাছুল সংগ্ৰহৰ নামত গ্ৰাহকক হাৰাশাস্তিৰ অভিযোগ।

নিয়মীয়া বাৰ্তা ,৭ জুলাইঃ অসম  শক্তি বিতৰণ কোম্পানী লিমিটেডৰ একাংশ বিষয়া কৰ্মচাৰীয়ে  গ্ৰাহকৰ পৰা বিদ্যুত মাছুল সংগ্ৰহৰ নামত  চৰম হাৰাশাস্তি কৰা বুলি অভিযোগ তুলিছে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে।পৰিষদৰ নগাঁও জিলা সমিতিয়ে আজি ৰহাত এখন সংবাদমেলৰ আয়োজন কৰি এই গুৰুতৰ অভিযোগ তোলে।ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্যালয়ত আয়োজিত এই সংবাদমেলখনত উপস্থিত থাকি পৰিষদৰ নগাঁও জিলা তদৰ্থ সমিতিৰ কাৰ্যকৰী সভাপতি মুজাম্মিল হুচেইন, সাধাৰণ সম্পাদক কৰিমউদ্দিন আহমেদ আৰু সাংস্কৃতিক সম্পাদক আনোৱাৰা আহমেদে  এই সন্দৰ্ভত সাংবাদিকৰ আগত বক্তব্য ৰাখি অসম  শক্তি বিতৰণ কোম্পানী লিমিটেডে শেহতীয়াকৈ আৰম্ভ কৰা মাছুল সংগ্ৰহ অভিযানৰ গইণালৈ ৰহাতো বিদ্যুত মাছুল সংগ্ৰহ কৰাৰ নামত একাংশ বিষয়া কৰ্মচাৰীৰ মইমতালি আৰু উদ্ভণ্ডালিয়ে চৰম সীমা অতিক্ৰম কৰা বুলি অভিযোগ তুলি বিদ্যুত মাচুলৰ নামত আনকি গ্ৰাহকক আৰক্ষীৰ জৰিয়তে ভয় ভাবুকি দিয়া বুলিও অভিযোগ কৰে।

সংবাদমেলখনত পৰিষদৰ বিষয়ববীয়াসকলে বৰ্তমান কোৰোণাৰ মহামাৰীৰ এই দুৰ্যোগৰ সময়ত ৰাইজ জুৰুলা হৈ থকাৰ সময়তে ৰাজহ আদায় তথা চৰকাৰী ভড়াল টনকিয়াল কৰাৰ বাবেই কেবল বিদ্যুত মাছুল আদায়ৰ নামতে সৰ্বসাধাৰণ ৰাইজক হাৰাশাস্তি কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি অভিযোগ কৰে। আনহাতেদি সংবাদমেলখনত বহু গ্ৰাহকৰ নামত ভূৱা বিল জাপি দিয়াৰো অভিযোগ কৰি বহু গ্ৰাহকৰ নামত   এমাহতে বুজন পৰিমাণৰ বিল প্ৰেৰণ কৰা আৰু বহু গ্ৰাহকে প্ৰতি মাহে বিল আদায় দি থকাৰ পিছতো পূৰ্বৰ অনাদায় থকা বুলি দেখুৱাই ৫০ হেজাৰৰ পৰা এক লাখ টকা লৈকে বিল প্ৰেৰণ কৰি আদায় দিবলৈ জোৰজোলোম কৰাৰ লগতে সংযোগ বিচ্ছিন্ন কৰি দি হাৰাশাস্তি কৰা বুলি গুৰুতৰ অভিযোগ দিয়ে।এই সন্দৰ্ভত ৰহা বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ত অভিযোগ দিলে কোনো সদ্যুত্তৰ নোপোৱাৰ লগতে ওলোটাই বিল পৰিশোধ কৰিবই লাগিব বুলিহে কৈ গ্ৰাহকক উভতাই পঠিয়াই বুলি সমিতিয়ে অভিযোগ কৰে।

পৰিষদৰ বিষয়ববীয়া সকলে সাংবাদিকৰ আগত ৰহাৰ বিভিন্ন অঞ্চলৰ এনে বিসংগতিপূৰ্ণ বহু বিলো প্ৰদৰ্শন কৰে। সংবাদমেলখনত এনে বিসংগতিপূৰ্ণ বিলৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ সোধাইছে বুলি মন্তব্য কৰি অসম শক্তি বিতৰণ কোম্পানীৰ শেহতীয়া এনে কৰ্মকাণ্ড্ই  বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ ভাবমূৰ্তি বিনষ্ট কৰিব বুলি উল্লেখ কৰি শীৰ্ঘে  এনে কাৰ্য বন্ধ কৰাৰ লগতে এনে মইমতালি কৰা বিষয়া কৰ্মচাৰী সকলক নাকী লগোৱাৰ বাবে মুখ্য মন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

অন্যথা ইয়াৰ বিৰুদ্ধে অতি শীৰ্ঘেই পৰিষদে ব্যাপক গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰিব বুলিও মন্তব্য কৰে। ইপিনে যোৱা ৪ জুলাইত মুখ্যমন্ত্ৰীয়ে গূৱাহাটীত  ১৫০ গৰাকী খিলঞ্জীয়া মুছলমান বুদ্ধিজীবীৰ সৈতে কৰা আলোচনাক আদৰণি জনাই পৰিষদৰ বিষয়ববীয়া সকলে নগাঁও জিলাৰ পৰা আমন্ত্ৰণ জনোৱা চাৰিজন লোকৰ ভিতৰত কিন্তু এগৰাকী লোক পূৰ্ব বংগীয় মুছলমানৰহে আছিল বুলি অভিযোগ কৰি এই স্পৰ্শকাতৰ বিষয়সমূহত   নিজেই তদাৰক কৰি আগবাঢ়িবৰ বাবেও পৰিষদে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।

You might also like