ৰহা বাৰপূজীয়াত বিজেপিৰ নিৰ্বাচনী সভাত সভাপতি ৰঞ্জিত দাসৰ ঘোষণা-বিজেপিয়ে দখল কৰিব তিৱা পৰিষদ
জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি ৰাখিলে বিজেপিয়ে-ৰঞ্জিত দাস
নিয়মীয়া বাৰ্তা ১২ ডিচেম্বৰঃ আগন্তুক ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা তিৱা স্বায়ত্ব পৰিষদৰ তৃতীয় সাধাৰণ নিৰ্বাচনৰ বাবে আজি ৰহাৰ বাৰপূজীয়াত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।পৰিষদৰ ২০নং বাৰপূজীয়া আৰু ২৩নং জৰাবাৰী সমষ্টিৰ দলীয় প্ৰাৰ্থী ক্ৰমে কমল বৰদলৈ আৰু গীতামণি ভূঞাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সভাপতি গৰাকীয়ে আগন্তুক পৰিষদীয় নিৰ্বাচনত পদুম ফুলৰ ছবিত ভোট দি জয়ী কৰাবলৈ আহ্বান জনাই। তেঁও ভাষণ প্ৰসংগত কয় যে, বিজেপি চৰকাৰে যি প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰিছিল সেই প্ৰতিশ্ৰুতি আজি ৰাখিবলৈ সক্ষম হৈছে। জাতি-মাটি-ভেটিৰ সুৰক্ষা প্ৰদানৰ বাবে যিদৰে কথা দিছিল সেয়া খিলঞ্জীয়া লোকসকলক ভূমি পট্টা প্ৰদান, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদিৰ দ্বাৰা সমাধান কৰিছে বুলি মন্তব্য কৰা লগতে অসম চৰকাৰে পঞ্জাৱ স্বৰ্ণ মন্দিৰ লেখিয়াকৈ পৰ্যটকৰ আকৰ্ষণৰ বাবে অসমতো এক তেনে মন্দিৰ নিৰ্মাণৰ যো-জা চলাইছে বুলি কয়।
বিজেপি চৰকাৰৰ বহুমুখী জনকল্যাণ আঁচনি সমূহৰ দ্বাৰা একমাত্ৰ সৰ্বসাধাৰণৰ উন্নয়নৰ লক্ষ্যৰে প্ৰতিশ্ৰুতিতে সীমাবদ্ধ নাৰাখি কৰ্মৰ দ্বাৰা জনতাৰ হৃদয়ত বিজেপিয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু আগন্তুক নিৰ্বাচন সমূহতো বিজেপিক অসমৰ জনসাধাৰণে আৰু তিৱা জনসাধাৰণে মৰম কৰিব বুলি কয়। সভাপতি গৰাকীয়ে ৰসিকতাৰে কয় যে, বিগত পৰিষদৰ নিৰ্বাচনত বাৰপূজীয়াতে ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে(তিৱা জাতীয় ঐক্য মঞ্চৰ) শত্ৰু হিচাপে প্ৰচাৰ চলাইছিল আৰু আজি দলীয় বিধায়ক তথা মিত্ৰ হিচাপে প্ৰচাৰ চলাইছে।
ইয়াৰ লগতে বিধানসভা নিৰ্বাচনত সকলো বিধায়ককে দলীয় টিকট প্ৰদান নকৰা সন্দৰ্ভত সাংবাদিকে সুধা এক প্ৰশ্নৰ উত্তৰত সভাপতি গৰাকীয়ে কয় যে, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুঠ চাৰিটাকৈ জৰীপত যিসকল প্ৰাৰ্থিত্ব দাবীদাৰৰ নাম পেনেলত আহিব সেইসকলকহে দলে টিকট প্ৰদান কৰিব বুলি কয়। এই ক্ষেত্ৰত কোনো নেতা বা মন্ত্ৰীয়ে টিকট দিব নোৱাৰে আৰু কোনো কম্প্ৰমাইজ নহয় বুলি স্পষ্ট ভাৱে মত আগবঢ়ায়। উক্ত সভাত স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীয়েও তিৱা পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে এটা বা দুটা সমষ্টিৰ বাদে আটাইকেইটা সমষ্টিতে জয়ী লাভ কৰিব বুলি কোৱাৰ লগতে বিজেপিক দেখি কংগ্ৰেছৰ হাত পলায়ন কৰিলে বুলি ভাষণ প্ৰদান কৰে। ইয়াৰ লগতে বিজেপিৰ পৰিষদীয় সমষ্টিৰ আহ্বায়ক সাংসদ হৰেণ সিং বে’য়ে কংগ্ৰেছ দলক সমালোচনা কৰি পাহাৰে-ভৈয়ামে সকলোতে বিজেপিৰ পদুম ফুলিছে আৰু অহা নিৰ্বাচনতো বিজেপিৰ পদুম সকলোতে ফুলিব বুলি মন্তব্য কৰে। নিৰ্বাচনী সভাখনত অভিনেতা যতীন বৰা, কন্ঠশিল্পী বিদ্যাসাগৰ, জয় চক্ৰৱৰ্তী, বিৰিণা পাঠক, বিজেপিৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বহু দলীয় নেতা উপস্থিত থাকে।