নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত পথ দূৰ্ঘটনাত আহত ৭জনকৈ লোক

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ ৰহাত শুক্ৰবাৰে বিয়লি চাৰিশাখাযুক্ত ৩৭নং ৰাষ্ট্ৰীয় পথৰ ওপৰত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ট্ৰেভেলাৰ আৰু মাৰুতি ভানৰ সংঘৰ্ষত সাতজনকৈ লোক আহত হয়। জানিব পৰা মতে নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী AS 01 GC 1170 নম্বৰৰ ট্ৰেভেলাৰখনে ৰহাৰ কমাৰজান পোৱাৰ সময়তে ট্ৰেভেলাৰ খনৰ সন্মুখেদি হঠাতে  AS 02 B 849 নম্বৰৰ মাৰুতি ভানখনে পাৰ হ’ব ধৰোতে ট্ৰেভেলাৰখনে প্ৰচণ্ড জোৰে খুন্দা মাৰি  ট্ৰেভেলাৰখন পথৰ ওপৰতে বাগৰি পৰি প্ৰায় বিশ মিটাৰ দূৰত্ব চুচৰি  যায়। ফলত দুয়োখন বাহনৰে সাতজনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয়। পিচত স্থানীয় লোকৰ তৎপৰতাত আহতসকলক ১০৮ৰে নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

You might also like