নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত উদ্ধাৰ চালকৰ মৃতদেহ, হত্যা কৰি গাড়ী লৈ যোৱাৰ সন্দেহ

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ  নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত বগৰীগুৰিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা এটি পুৰুষৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। জানিব পৰামতে নগাঁও-গুৱাহাটী অভিমুখী বগৰীগুৰি অভাৰব্ৰীজৰ পশ্চিম দিশে আজি পুৱা এটি চিন্ন-ভিন্ন মৃতদেহ প্ৰতক্ষ্য কৰি স্থানীয় ৰহা আৰক্ষীক খবৰ দিয়াত ৰহা আৰক্ষীয়ে আহি মৃতদেহটো উদ্ধাৰ কৰে। প্ৰাথমিক অৱস্থাত স্থানীয় ৰাইজ তথা আৰক্ষীয়ে নিশা কোনো অচিনাক্ত বাহনৰ খুন্দাত ব্যক্তিজন নিহত হোৱাৰ লগতে নিশা চলাচল কৰা বাহনৰ চেপাত মৃতদেহটো চিন্ন-ভিন্ন হোৱা বুলি ধাৰণা কৰা হৈছিল। কিন্তু মৃতদেহৰ নাতি দূৰৈত উদ্ধাৰ হোৱা এটি মানিবেগত পোৱা আধাৰ কাৰ্ড অনুসৰি ব্যক্তিজনৰ নাম শম্ভু চেটাৰ্জী(৩৬) আৰু তেঁৱৰ ঘৰ মালিগাঁও ইনষ্টিটিউট কলনিৰ ২নং ৱাৰ্ডৰ বাসিন্দা বুলি জানিব পাৰি ৰহা আৰক্ষীয়ে যোগাযোগ কৰি নিশ্চিত হয়। জানিব পৰামতে শম্ভু চেটাৰ্জী পেছাত এজন চালক আছিল। পাছত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

নিজা বাহনেৰে ভাড়া কঢ়িয়াবলৈ গৈছিল চালক শম্ভুয়ে:– চালক শম্ভু চেটাৰ্জীৰ এজন অতি ঘনিষ্ঠ বন্ধুৱে আজি ৰহাত স্থানীয় সাংবাদিকৰ আগত জানিব দিয়া অনুসৰি অতি ভদ্ৰ আৰু নিৰ্জু প্ৰকৃতিৰ যুৱক আছিল শম্ভু।পত্নীৰ নামত থকা এ এছ -২৫ডিচি ৭৪৩১ নম্বৰৰ এখন বলেৰ’ পিকআপ ভানৰ দ্বাৰা ভাড়া কঢ়িয়াই ধন উপাৰ্জন কৰি সুখ-দুখৰ মাজেৰে এটি আঢ়ৈ বছৰীয়া পুত্ৰ সন্তান আৰু পত্নীৰ সৈতে সংসাৰ চলাই নিছিল। কালি পুৱাৰ ভাগত পত্নীৰ সৈতে বজাৰলৈ ওলাই গৈছিল আৰু তেনেতে তেঁৱৰ ফোনত কোনোৱাই সোনাপুৰৰ পৰা বৰাগাঁওলৈ চাটাৰিঙৰ কাঠ কঢ়িওৱাৰ বাবে ভাড়াত মাতিছিল।সেই সূত্ৰে বিয়লি প্ৰায় তিনি বজাত ঘৰৰ পৰা নিজা বলেৰ’ পিক আপ ভানখনেৰে সোনাপুৰলৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল। সন্ধিয়া প্ৰায় ৭:৩৯  বজাত বন্ধুজনে খবৰ ল’বলৈ চালক শম্ভুক ফোন কৰিছিল যদিও তেঁও ফোনটো ৰিছিভ কৰা নাছিল। পাছত নিশা ৯:৩০ বজাত পত্নীয়ে শম্ভুক ফোন কৰি যোগাযোগ কৰিবলৈ সক্ষম নোহোৱাত বন্ধুজনক অৱগত কৰাত বন্ধুজনেও শম্ভু তিনিটাকৈ নম্বৰত ফোন কৰি কোনোধৰণে সংযোগ স্থাপন কৰিব নোৱাৰি অন্য একাংশ বন্ধুকো এই বিষয়ে অৱগত কৰি যোগাযোগৰ চেষ্টা চলালে।গোটেই নিশা বিভিন্ন স্থানৰ লগত যোগাযোগ কৰিছিল যদিও বন্ধু মহলৰ লগতে পত্নীৰ পৰিয়ালেও শম্ভু চেটাৰ্জীৰ কোনো সম্ভেদ লাভ নকৰিলে।পাছত আজি পুৱা ম’বাইলৰ যোগেদি ৰহাৰ বগৰীগুৰিত শম্ভুৰ মৃতদেহ উদ্ধাৰ হোৱা বাতৰি পাই পৰিয়াল তথা বন্ধু মহলৰ সৰ্বত্তে হোৱা দুৱা লাগে। পাছত ৰহা আৰক্ষীয়ে যোগাযোগ কৰি নিশ্চিত হোৱাত পৰিয়ালৰ লোকে নগাঁও অসামৰিক চিকিৎসালয়ত শম্ভুৰ মৃতদেহ চিনাক্ত কৰি মৰণোত্তৰ পৰীক্ষাৰ পাছত নিজা বাসগৃহলৈ লৈ যায়। আৰক্ষীৰ সন্দেহ অনুসৰি চালকজন  কোনো গাড়ী চুৰি চক্ৰৰ কবলত পৰাত চালক জনক হত্যা কৰি চক্ৰটোৱে ৰহাৰ উক্ত স্থানত মৃতদেহটো পেলাই থৈ গাড়ীখন লৈ উধাও হয়। অৱশ্যে আৰক্ষীৰ তদন্তহে প্ৰকৃত তথ্য পোহৰলৈ আহিব।

You might also like