নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আন্দোলনৰ অক্লান্ত কৰ্মী তথা সমাজকৰ্মী কাৰ্ত্তিক বৰুৱাৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্তগত মেটেকাৰ নিবাসী , অসম আন্দোলনৰ অগ্ৰণী কৰ্মী, ৰহা অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত সমাজ কৰ্মী কাৰ্ত্তিক বৰুৱা(৫৭)ৰ কালি দেহাৱসান ঘটে।কিছু বছৰৰ পৰা এক দুৰাৰোগ্য ৰোগত আক্ৰান্তহৈ চিকিৎসাধীন হৈ থকা বৰুৱাৰ মৃত্যুৰ বাতৰি সদৰী হোৱাৰ লগে লগে অজস্ৰ গুণমুগ্ধই তেখেতৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।পাছত বৰুৱাৰ মৃতদেহলৈ ৰহাত এক সমদলেৰে অন্তিম যাত্ৰা কৰি ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ প্ৰাঙ্গনত ৰহা ব’হাগী মেলাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

ইয়াৰ লগতে বিদ্যালয়খনৰ শিক্ষক-ছাত্ৰ-ছাত্ৰী সকলৰ লগতে প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাসেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।বৰুৱাই মৃত্যুৰ প্ৰাকমূহুৰ্ত্বলৈকে ৰহাৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ৰহা ব’হাগী মেলাৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰা লগতে ৰহা সাৰ্বজনীন দূৰ্গাপূজা সমিতি,মেটেকা প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ লগতে বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল। বৰুৱাৰ মৃত্যুত ৰহা আঞ্চলিক সাংবাদিক সন্থা, ৰহা ব’হাগী মেলা, আঞ্চলিক ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, জ্যোতি সংঘ আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান-দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।মৃত্যুৰ সময়ত বৰুৱাই পত্নীসহ একমাত্ৰ জীয়ৰী আৰু আত্মীয় স্বজন এৰিথৈ যায়।

You might also like