নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মিত্রতাক লৈ মুখ নুখুলিব চূড়ান্ত সিদ্ধান্ত ল’ব হাইকমাণ্ডে’

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ আসন্ন বিধানসভা নির্বাচনত বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ সৈতে কংগ্রেছে মিত্রতা কৰা–নকৰাক লৈ এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই৷ মিত্রতাৰ বিষয়টো সম্পর্কত সিদ্ধান্ত গ্রহণৰ কর্তৃত্ব একমাত্র কংগ্রেছ হাইকমাণ্ডৰহে আছে৷ নৱেম্বৰ মাহৰ প্রথম সপ্তাহত অসম ভ্রমণলৈ আহি প্রদেশ কংগ্রেছৰ পর্যবেক্ষক তথা নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙে সেই বিষয়টো স্পষ্ট কৰি দিয়াৰ পাছতো অসমৰ একাংশ কংগ্রেছ নেতাই বিষয়টোক লৈ বিভিন্ন সময়ত কৰি অহা মন্তব্যত ক্ষুণ্ণ হৈ পৰিছে কংগ্রেছৰ শীর্ষ নেতৃত্ব৷ শেহতীয়াকৈ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কালি সংবাদ মাধ্যমৰ আগত ছিটিং–গেটিং ফর্মুলাৰে কংগ্রেছ–এ আই ইউ ডি এফৰ মাজত আসন বুজাবুজি হ’ব বুলি কৰা মন্তব্যত জাঙুৰ খাই উঠিছে স্বয়ং ৰাহুল গান্ধী৷

কালি ৰাহুল গান্ধীয়ে অসমৰ কংগ্রেছ নেতৃত্বৰ সৈতে এখন ভার্চুৱেল বৈঠকত মিলিত হয়৷ সেই ভার্চুৱেল বৈঠকখনতে এ আই চি চিৰ সম্পাদক ভূপেন বৰাই প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীৰ ছিটিং–গেটিং ফর্মুলাৰ প্রসংগ উত্থাপন কৰে বুলি কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়ে৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি উক্ত বৈঠকত ৰাহুল গান্ধীকে ধৰি কংগ্রেছৰ শীর্ষ নেতৃত্বই এ আই ইউ ডি এফৰ সৈতে কংগ্রেছৰ এতিয়াও মিত্রতা হোৱা নাই বুলি স্পষ্ট কৰি দিয়াৰ লগতে মিত্রতা সম্পর্কীয় সকলো সিদ্ধান্ত হাইকমাণ্ডেহে ল’ব বুলি পুনৰ স্পষ্ট কৰি দিয়ে৷ আনকি মিত্রতা সম্পর্কত অসমৰ কংগ্রেছ নেতৃত্বক আগবাঢ়িবলৈও মানা কৰে৷ কাৰোবাৰ সৈতে মিত্রতা কৰে নে নকৰে, সেই সিদ্ধান্ত হাইকমাণ্ডে ল’ব৷ অসমৰ কংগ্রেছ নেতৃত্বই তেনে বিষয়ত মূৰ ঘমোৱাৰ পৰিৱর্তে প্রত্যেককে সংগঠন শক্তিশালী কৰাতহে আত্মনিয়োগ কৰিবলৈ নির্দেশ দিয়ে৷

ৰাহুল গান্ধীয়ে সেই বৈঠকতে প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীকো মিত্রতা সম্পর্কীয় কোনো বিষয় তথা মন্তব্য ৰাজহুৱাভাৱে নকৰিবলৈ সকীয়াই দি কয় যে দলৰ সভাপতি হিচাপে তেওঁ সকলোকে নিয়ন্ত্রণত ৰাখিব লাগে৷ তাৰ পৰিৱর্তে তেওঁ মিত্রতা বিষয়ত ৰাজহুৱা মন্তব্য কৰাটো উচিত হোৱা নাই৷ সূত্রটোৱে আৰু জানিবলৈ দিয়া মতে, আজিৰ এই বৈঠকখনত অসমৰ কংগ্রেছৰ তৰফৰ পৰা আর্থিক সংকটৰ দিশটো ৰাহুল গান্ধীক অৱগত কৰাত ৰাহুলে পুঁজিক লৈ চিন্তা কৰাৰ কোনো প্রয়োজন নাই বুলি জনায়৷ এই বিষয়ে দলে চিন্তা কৰিব৷ একেদৰে আজিৰ ভার্চুৱেল বৈঠকখনত বিজেপিয়ে অহা নির্বাচনত সাম্প্রদায়িক ৰাজনীতি আৰম্ভ কৰিব বুলি ৰাজ্যৰ কংগ্রেছ দলৰ তৰফৰ পৰা উল্লেখ কৰে৷ ৰাহুল গান্ধীকে ধৰি কংগ্রেছৰ শীর্ষ নেতৃত্বই প্রদেশ কংগ্রেছক এই সম্পর্কত প্রয়োজনীয় ৰণনীতি প্রস্তুত কৰিবলৈ পৰামর্শ আগবঢ়ায়৷ ভার্চুৱেল বৈঠকখনত নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল, জিতেন্দ্র সিং, মুকুল ৱাচনিক, অম্বিকা ছোনী, ৰণবীৰ সিং সূর্যেৱালা, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্রত শইকীয়া, কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইন, সাংসদ প্রদ্যুৎ বৰদলৈ, আব্দুল খালেক, এ আই চি চিৰ সম্পাদক ৰাণা গোস্বামী, ভূপেন বৰা, নিখিল ভাৰত মহিলা কংগ্রেছৰ সভানেত্রী সুস্মিতা দেৱ উপস্থিত থাকে৷

ইপিনে অসমৰ পর্যবেক্ষক জিতেন্দ্র সিঙে অসম প্রদেশ কংগ্রেছৰ লবীকেন্দ্রিক ৰাজনীতিক লৈ অসন্তুষ্ট বুলি দলীয় সূত্রটোৱে জানিবলৈ দিয়ে৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি যোৱা ১ নৱেম্বৰৰ পৰা ৭ নৱেম্বৰ পর্যন্ত অসম ভ্রমণ কৰি তেওঁ লবীকেন্দ্রিক ৰাজনীতিৰ যি অভিজ্ঞতা আৰু অভিযোগ লাভ কৰিলে, তাৰ আধাৰত তেওঁ কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীক দাখিলৰ বাবে প্রতিবেদন যুগুত কৰিছে৷ অৱশ্যে বর্তমান ছোনিয়া গান্ধী দিল্লীত নথকা বাবে পর্যবেক্ষক সিঙে সেই প্রতিবেদন দাখিল কৰিব পৰা নাই৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি জিতেন্দ্র সিঙে প্রদেশ কংগ্রেছত চলি থকা লবীকেন্দ্রিক ৰাজনীতিৰ অৱসান ঘটোৱাৰ বাবে ব্যৱস্থা ল’বলৈ প্রতিবেদনত ছোনিয়া গান্ধীক পৰামর্শ আগবঢ়াইছে৷

You might also like