নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰজাবাহৰৰ যদুমণি চুতীয়ালৈ ড° বি আৰ আম্বেদকাৰ ফেলশ্বিপ বঁটা : বিভিন্ন দল-সংগঠন, শুভাকাংক্ষীৰ শুভেচ্ছা

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰ : ১১ ডিচেম্বৰত ভাৰতীয় দলিত সাহিত্য অকাদমীৰ দ্বাৰা প্ৰদান কৰিব লগা ড° বি আৰ আম্বেদকাৰ ফেলশ্বিপ বঁটাৰ বাবে এইবাৰ তিতাবৰ মহকুমাৰ সাংস্কৃতিক তথা সচেতন, উদ্যমী যুৱকৰ্মী যদুমনি চুতীয়া নিৰ্বাচিত হোৱাত সমগ্ৰ মহকুমাটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। চুতীয়াৰ এই প্ৰাপ্তিত সদৌ অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী সন্থা, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ যোৰহাট জিলা আৰু বৰহোলা আঞ্চলিক সমিতি, তিতাবৰ বীৰ লাচিত সেনা, চুতীয়া জাতি ছাত্ৰ সন্থা, যুৱ সন্মিলন, যুৱ ছাত্ৰ পৰিষদ, মিলিজুলি যুৱ মঞ্চ আদি অলেখ অনুষ্ঠান-প্ৰতিষ্ঠান আৰু শুভাকাংক্ষীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখ্য যে তিতাবৰ ৰজাবাহৰৰ নিবাসী যদুমণি চুতীয়াই দীৰ্ঘদিনে শৈক্ষিক, সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰখনত ওতপ্ৰোতভাৱে জড়িত হৈ কাম কৰি আহিছে। পেচাত যোৰহাট মেডিকেল কলেজৰ এগৰাকী স্থায়ী কৰ্মচাৰী যদুমণি চুতীয়া। দৈনিক কৰ্মব্যস্ততাৰ মাজতো চুতীয়াই সংস্কৃতি, সাহিত্য আৰু ক্ৰীড়াত মনোনিৱেশ কৰি আহিছে।

জানিব পৰা মতে এতিয়ালৈকে যদুমণি চুতীয়াই ত্ৰিশ মিনিট দৈৰ্ঘ্যৰ দহখনকৈ চুটি ছবি পৰিচালনা কৰাৰ উপৰিও জনপ্ৰিয় সামাজিক মাধ্যম ইউটিউবযোগে সাতটা গীতৰ ভিডিঅ’ মুকলি কৰি ৰাইজৰ সমাদৰ লাভ কৰিছে।এইগৰাকী সাংস্কৃতিবান ব্যক্তিয়ে এতিয়ালৈকে মুঠ ২২ টা গীত ৰচনা কৰি ‘ধনশিৰি’, ‘হৃদয়’, ‘ৰহেদৈ’, ‘অ ভণ্টি’ আদি এলবামযোগে মুক্তি দিছে। যদুমণিয়ে নিজৰ সৃষ্টিৰাজী ‘অসম দাপোন’ নামেৰ পঞ্জীয়নভুক্ত নিজা ইউটিউব চেনেলৰ যোগেদি হাজাৰ হাজাৰ দৰ্শক-শ্ৰোতাৰ মাজলৈ লৈ গৈছে। ইউটিউব চেনেলটোৰ যোগেদি স্থানীয় উদীয়মান অভিনেতা-অভিনেত্ৰী সকলক অভিনয় প্ৰতিভা বিকাশৰ এক প্লেটফৰ্ম প্ৰদানৰ মনস্থ কৰিছে উদীয়মান সাংস্কৃতিক কৰ্মীগৰাকীয়ে। ক্ৰীড়াতো যদুমণি চুতীয়াৰ বিশেষ দখল আছে। জন্মস্থান ৰজাবাহৰৰ খেলৰ প্ৰতি আগ্ৰহী বহু ল’ৰা-ছোৱালীক খেলৰ প্ৰশিক্ষণ দি বহু ঠাইলৈ প্ৰতিযোগিতাৰ বাবে নিয়ে যদুমণি চুতীয়াই। তেওঁৰ নেতৃত্বতে পুৱা-গধুলি গাঁৱৰ ওচৰতে থকা খেলপথাৰখনলৈ বহু যুৱক-যুৱতী ওলাই আহি নিয়মীয়া শাৰীৰিক ব্যায়াম আৰু ফুটবল, ভলীবল, দৌৰ আদি প্ৰতিযোগিতাৰ অনুশীলন কৰে। ইয়াৰে বহু যুৱক-যুৱতী ইতিমধ্যে পুলিচ, আৰ্মী পদত নিযুক্তিও পাইছে।

যদুমণি চুতীয়া যোৰহাট জিলা কবি সন্মিলনৰ কাৰ্যনিৰ্বাহক সদস্য, বৰহোলা সেউজী কাণন শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক। তেওঁ এতিয়ালৈকে তিনিখনকৈ কাব্যগ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। সদৌ অসম ভিত্তিত অনুষ্ঠিত বিভিন্ন কবিতা প্ৰতিযোগিতাত স্থান দখল কৰি আহিছে চুতীয়াই‌‌। এসময়ত নিজৰ উদ্যোগতে এইগৰাকী ক্ৰীড়া প্ৰতিভাধৰে ‘জ্যোতিৰ্ময়’ নামৰ এখন দুমহীয়া আলোচনীও জন্ম দিছিল।

উল্লেখ্য যে ৰাষ্ট্ৰীয় স্কুল এথলেটিক্ছৰ অন্তৰ্ভূক্ত খেলুৱৈগৰাকীয়ে ৰাজ্যিক পৰ্যায়ৰ কাবাডী, জিলা পৰ্যায়ৰ সাতোঁৰ, দৌৰ আদি প্ৰতিযোগিতাত সোণৰ পদক আৰু বিভিন্ন স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যিক পৰ্যায়ৰ এথলেটিক্ছত সোণৰ পদক অৰ্জন কৰাৰ বাবে তিতাবৰ নন্দনাথ শইকীয়া কলেজ, প্ৰাক্তন সেনা তিতাবৰ শাখা, অসম গণ পৰিষদ তিতাবৰ, তিতাবৰ বিজেপি যুৱ মৰ্চাই যদুমণি চুতীয়াক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছিল। ছাত্ৰাৱস্থাত যদুমণি চুতীয়াই বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নন্দনাথ শইকীয়া কলেজত তিনিবাৰকৈ ‘বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ’ৰ খিতাপ লাভ কৰিছিল । স্নাতক উত্তীৰ্ণ যদুমণি যোৰহাট ITI ৰ পৰা ৱেল্ডাৰ পাঠ্যক্ৰম উত্তীৰ্ণ যুৱক। এইগৰাকী কৃতী খেলুৱৈক ৰজাবাহৰস্থিত কুশল কোঁৱৰ ষ্টেডিয়ামৰ সভাপতি, বৰহোলা ক্ৰীড়া সন্থা এথলেটিক্ছৰ সভাপতিৰ দায়িত্বও অৰ্পণ কৰা হৈছিল। বৰ্তমান এইগৰাকী সৰবৰহী যুৱকে প্ৰতি বছৰে দুই, তিনিজন দুখীয়া মেধাৱী ছাত্ৰ বা ছাত্ৰীক সম্পূৰ্ণ নিজা খৰচত ব্যক্তিগত বিদ্যালয়ত পঢ়ুৱাই মহানুভৱতাৰ পৰিচয় দিছে। তেওঁৰ বদান্যতাত বৰ্তমান উচ্চতৰ মাধ্যমিকৰ দুজনকৈ ছাত্র ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰি আছে। তিতাবৰ ভিতৰুৱা গ্ৰামাঞ্চলত থাকিও শৈক্ষিক, সাংস্কৃতিক, সাহিত্য, ক্ৰীড়া আদি ক্ষেত্ৰত নিৰলস চৰ্চা অব্যাহত ৰখা যদুমণি চুতীয়াই শেষতীয়াকৈ ড° বি আৰ আম্বেদকাৰ ফেল’শ্বিপ বঁটা লাভ কৰাত তেওঁ যথেষ্ট উৎসাহিত হ’ব বুলি তিতাবৰ, বৰহোলাৰ সচেতন ৰাইজে মত প্ৰকাশ কৰিছে‌।

You might also like