মৃত্যুক জিনাৰ সংকল্প লৈ ভৰা লুইতৰ বুকুত কেৱল সাঁতুৰিছিলোঁ
দুর্ঘটনাগ্রস্ত ফেৰীৰ যাত্রী ৰাখী বৰা হাজৰিকাৰ শিহৰণকাৰী বর্ণনা
নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ মহিলাগৰাকীৰ নাম ৰাখী বৰা হাজৰিকা৷ মাজুলীত পাট–মুগাৰ বিপণী আছে৷ আনদিনাৰ দৰেই নিজৰ তিনি বছৰীয়া একমাত্র সন্তানক ঘৰত থৈ যোৰহাটলৈ পাট–মুগাৰ বস্ত্র আনিবলৈ বুলি পুৱাহ ওলাহ গৈছিল ৰেখা৷ বিয়লি যোৰহাটৰ পৰা বজাৰ কৰি পুনৰ মাজুলীলৈ উভতিবৰ বাবে ডঠিছিল অভিশপ্ত ‘মা কমলা’ নামৰ ফেৰীখনত৷ বিয়লি প্রায় চাৰি বজাত ফেৰী নিমাতী ঘাট এৰিছিল হে মাত্র, তেনেতে এটা প্রচণ্ড শব্দ কৰি ফেৰীখন কঁপি ডঠিছিল৷ ‘মা কমলা’ক আন এখন ফেৰীয়ে প্রচণ্ড জোৰেৰে খুন্দা মাৰিছিল৷ হয়াৰ পাছতে দুয়োখন ফেৰী লুহতৰ বুকুৱেদি উটি–ভাঁহি গৈছিল৷
বুধবাৰে নিমাতীত সংঘটিত ভয়াৱহ ফেৰী দুর্ঘটনাৰ শিহৰণকাৰী বর্ণনা দি ‘নিয়মীয়া বার্তা’ৰ আগত ক’লে ৰাখী বৰা হাজৰিকাহ৷ ইপিনে নিজৰ জীৱন–জীৱিকাৰ সপোন বুকুত বান্ধি ক্রমাৎ ব্রহ্মপুত্রৰ বুকুত ডুব যাবলৈ ধৰা ফেৰীখনৰ একেবাৰে ওপৰত ডঠি ৰেখাই জীৱন ৰক্ষাৰ বাবে চিঞৰিব ধৰিলে৷ কিন্তু তেনে সময়তে ফেৰীখন কাটি হৈ পানীত সম্পূর্ণ ডুব যাবলৈ ধৰিলে৷ জীয়াই থকাৰ অন্তিমটো আশাত হাতত থকা কাপোৰৰ বেগটো পানীলৈ দলিয়াহ নিজেও জাঁপ দিলে লুইতৰ বুকুত৷
গভীৰ পানীৰ পৰা ৬–৭বাৰ ওপৰলৈ ওলাই প্রাণৰক্ষা কৰিবলৈ কেৱল চিঞৰিব ধৰিলে৷ তাৰ মাজতে পানীত উটি অহা এটা ট্ৰলি বেগ খামুচি ধৰি সিখন ফেৰীৰ কাষ চাপিল ৰেখা৷ অৱশেষত এগৰাকী যুৱতীয়ে পানীৰ পৰা চুলিত ধৰি ওপৰলৈ উঠাহ আনিলে ৰাখীক৷ দৈৱ্যক্রমে প্রাণৰক্ষা পৰিল যদিও লক্ষাধিক টকাৰ কাপোৰৰ বেগ, ম’বাহল ফোন উটি গ’ল লুহতৰ বুকুত৷ লুইতৰ বুকুত জাঁপ মাৰি দিয়াৰ সময়ত কেৱল নিজৰ সন্তান আৰু স্বামীৰ মুখখন মনত পৰিছিল আৰু চকুৰে চকুলো নিগৰিছিল৷ ইয়াৰ পাছতো মৃত্যুক জিনাৰ অন্তিম আশা বুকুত বান্ধি লুহতৰ বুকুত দিক্বিদিক হেৰুৱাহ কেৱল সাঁতুৰিছিল৷ অৱশেষত ৰাখী বৰা হাজৰিকাৰ প্রাণৰক্ষা পৰিছিল৷ কিন্তু সেই ভয়াৱহ ঘটনাহ এতিয়া প্রতিটো মুহূর্ততে শিহৰিত কৰি ৰাখিছে ৰেখাক৷বর্তমান যোৰহাটত প্রশাসনৰ উদ্যোগত এখন হোটেলত বাঁহৰ পাতি থকা ৰাখী বৰা হাজৰিকাহ এহ শিহৰণকাৰী বর্ণনা দিলে এই প্রতিবেদকৰ আগত৷