ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে বিশ্বাসঘাতকতাৰ অভিযোগ খগেন চন্দ্ৰ বৰদলৈৰ
নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ বহু জল্পনা-কল্পনাৰ অন্তত কাইলৈ গঠন হ’ব তিৱা স্বায়ত্ত পৰিষদ। কিন্তু পৰিষদৰ চি ই এম আসনখনক কেন্দ্ৰ কৰি এতিয়া ভিতৰচ’ৰাত চলিছে তীব্ৰ বিসম্বাদ। জানিব পৰা মতে, বিধায়ক ৰমাকান্ত দেউৰীৰ সোঁহাত তথা বিধায়কগৰাকীক সকলো ক্ষেত্ৰতে আগবঢ়াই নিয়াত প্ৰধান ভূমিকা গ্ৰহণ কৰা খগেন বৰদলৈ আছিল এই আসনৰ দাবীদাৰ।
এই প্ৰতিবেদকক আজি খগেন চন্দ্ৰ বৰদলৈয়ে জনোৱা মতে, ৰমাকান্ত দেউৰীয়ে বৰদলৈক চি ই এমৰ আশ্বাস দি ফলাফল ঘোষণাৰ পাছত ঘৰতে মনে মনে বহি থাকিবলৈ পৰামৰ্শ দিছিল। প্ৰতিজন জয়ী হোৱা সদস্যই তেওঁ চি ই এম হ’ব বুলি একপ্ৰকাৰ নিশ্চিত হৈ একাংশই আদৰণিও জনাইছিলগৈ ঘৰতে। কিন্তু ৰমাকান্তই এইক্ষেত্ৰত সকলো তেওঁ কৰিব বুলি বৰদলৈক আশ্বাস দি জীৱন চন্দ্ৰ কোঁৱৰক বৰদলৈৰ অজ্ঞাতে দলীয় নেতৃত্বৰ দুৱাৰে দুৱাৰে লৈ ফুৰে। আৰু হঠাত খগেন বৰদলৈৰ নাম নসাৎ কৰি জীৱন চন্দ্ৰ কোঁৱৰক চি ই এম দিব বুলি ঘোষণা কৰে।
এনে কাণ্ডক তেতেলীয়া সমষ্টিৰ ভোটাৰে বিশ্বাসঘাতকতা বুলি মুকলিকৈ গৰিহণা দিয়ে ৰমাকান্ত দেউৰীক। সকলোৱে একমুখে কয় যে ইয়াৰ সদুউত্তৰ ৰমাকান্ত দেউৰীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত পাব।
আনহাতে আজি শোকাকুল পৰিৱেশত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি খগেন চন্দ্ৰ বৰদলৈয়ে কয় – ‘তেখেতৰ বাবে মই সকলো কৰিলোঁ। মোৰ জীৱনৰ বহু মূল্যৱান সময় দিলো, সেয়া প্ৰতিজন তিৱা ভাই-ককায়ে জানে। মোক প্ৰতিশ্ৰুতি দি তেওঁ এনে কৰাত মোৰ আক্ষেপ নাই। আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁ আৰু অধিক ভোটত জিকক। আৰু আগবঢ়াই নিয়ক দলক।’
একাংশ লোকৰ মতে দলীয় নেতৃত্বক অন্ধকাৰত ৰাখি খগেন চন্দ্ৰ বৰদলৈক ৰমাকান্ত দেউৰীয়ে বিশ্বাসঘাতকতা কৰি মৰিগাঁৱত বিজেপি দলৰ ৰবি মাৰ নিয়াবৰ বাবেহে চেষ্টা কৰিছে।