মৰিগাঁৱৰ ভোৰবন্ধা উন্নয়ন খণ্ড কাৰ্যালয়ত চাদেন ভিজিট বিধায়ক ৰমাকান্ত দেউৰীৰ
খণ্ড উন্নয়ন বিষয়া সহ অনুপস্থিত ১৩ গৰাকী কৰ্মচাৰী
নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ জনতাৰ পৰা লাভ কৰি অহা অভিযোগৰ ভিত্তিত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আজি মৰিগাঁও সমষ্টিৰ অন্তৰ্গত ভোৰবন্ধা উন্নয়ন খণ্ডৰ কাৰ্যলয় আকস্মিক ভাবে ভ্ৰমণ কৰি কাজলয়টোত বি ডি অ কাশ্যপী কাশ্যপসহ ১৩ গৰাকী কৰ্মচাৰী অনুপস্থিত থকাৰ বিষয়টো অৱগত হোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।
উল্লেখ্য বিধায়ক দেউৰীয়ে আজি দিনৰ ১২ বজাত ভোৰ বন্ধা উন্নয়ন খণ্ডৰ কাজলয়ত উপস্থিত হোৱাৰ সময়ত বি ডি অ কাশ্যপী কাশ্যপৰ কোঠাত ওলমি আছিল এটা বৰ তলা। সমান্তৰাল ভাৱে উক্ত কাজলয়টোত মুঠ ২৮ গৰাকী কৰ্মচাৰীৰ বিপৰীতে উপস্থিত আছিল মাত্ৰ ১৫ গৰাকী । ৰাইজৰ পৰা লাভ কৰা অভিযোগৰ ভিত্তিত উপস্থিত হৈ বিধায়কগৰাকীয়ে নিজেই এই বিষয়টো প্ৰত্যক্ষ কৰি ক্ৰোধিত হৈ পৰে। আনহাতে বিধায়ক দেউৰীয়ে কাজলয়ত প্ৰায় দুঘণ্টা অতিবাহিত কৰে যদিও সেই সময়তো বি ডি অগৰাকীৰ পৰা সদুত্তৰ লাভ কৰাত ব্যৰ্থ হয় বিধায়ক দেউৰী।
উল্লেখ্য মৰিগাঁও একাংশ বিষয়াৰ ময়মতালিৰ বিষয়ে বিভিন্ন সময়ত ৰাইজে অভিযোগ উত্থাপন কৰি অহাৰ মাজতে স্বয়ং বিধায়কে বিষয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ লগতে বিভিন্ন ক্ষেত্ৰত এই খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে অনিয়ম কৰাৰ অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰীক অভিযোগ দাখিল কৰিব বুলি প্ৰকাশ কৰিছে। আনহাতে আজি বিভাগীয় দায়িত্বত থকাৰ বাবে বি ডি অগৰাকী উপস্থিত নাছিল বুলি বিধায়কক অৱগত কৰে যদিও সেইয়া বিশ্বাসযোগ্য নহয় বুলি প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে।