আজাৰা গাঁও পঞ্চায়ত এলেকাত পাঁচটা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন
নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰঃ পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিৰ উন্নয়নৰ বাবে শেহতীয়াকৈ ক’ভিড পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ পাছত বিশেষ তৎপৰতা আৰম্ভ কৰিছে । আনকি ক’ভিডৰ বাবে আধৰুৱা হৈ থকা আঁচনি বা প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন কৰিবলৈ বিধায়ক কলিতাই যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে আজি সমষ্টিটোৰ গ্ৰামাঞ্চলৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ আজাৰা গাঁও পঞ্চায়ত এলেকাত চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া পাঁচটা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়।
আধাৰশিলা স্থাপন কৰা প্ৰকল্পকেইটা হ’ল ক্ৰমে- কেওটপাৰাৰ শ্ৰী শ্ৰীমনসা মন্দিৰৰ সামূহিক গৃহ (১০.০০ লাখ টকা), গোঁসাইপাৰাত পানী পৰিবাহী নলা নিৰ্মাণ ঢাকনিৰ সৈতে (২৩.৮০ লাখ টকা) , ঠাকুৰীয়াপাৰাত সামূহিক গৃহ নিৰ্মাণ (১০.০০ লাখ টকা), চকৰদৌত ভি আই পি পথৰ পৰা ফুলেশ্বৰী টেৰণৰ ঘৰৰ সন্মুখলৈ পথ নিৰ্মাণ (১০.৫০ লাখ টকা ) আৰু চকৰদৌ প্ৰাথমিক বিদ্যালয়ৰ সীমাৰ দেৱাল নিৰ্মাণ (৯.৬০ লাখ টকা)। এইদৰে প্ৰায় ৬৪ লাখ টকাৰে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া উন্নয়নমূলক কার্যৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।
আনহাতে এই উপলক্ষে আয়োজিত সভাসমূহত ভাগ লৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চমু ভাষণত প্ৰতিটো নিৰ্মাণকার্য চলি থকা সময়ত অঞ্চলটোৰ ৰাইজক চকু ৰাখিবলৈ আহ্বান জনায় আৰু আঁচনি অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত যাতে সম্পন্ন হয় তাৰ কামনা কৰে । সভাত ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া লালৰেম চিয়ামী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰীক্ষণ কমিটিৰ সদস্য সুভাষ শৰ্মা , ৰামচাৰাণী জিলা পৰিষদৰ সদস্য শিখা নাথ চৌধুৰী , আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপী, সহকাৰী অভিযন্তা মণিকা ৰাজকোঁৱৰ, কনিষ্ঠ অভিযন্তা গণেশ দাস, সচিব মৃদুল দাস, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰশান্ত মহন্ত, ৰাণী মণ্ডলৰ সভাপতি হৰকান্ত নাথকে ধৰি বিজেপিৰ কেবাজনো নেতা-কর্মী, অগপ নেতাদ্বয় পৰেশ বৰুৱা আৰু চন্দ্ৰধৰ দাসকে ধৰি কেবাজনো অগপ নেতা, আজাৰা গাঁও পঞ্চায়তৰ কেবাজনো সদস্য আৰু অঞ্চলটোৰ বহু বিশিষ্ট লোক উপস্থিত থাকে ।