নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডোত্তৰ জটিলতাত ৰাণা গোস্বামীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৮ মে’: ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ প্রাক্তন উপ–সভাপতি তথা বিশিষ্ট ক্রীড়া সংগঠক, ছয়গাঁও সমষ্টিৰ প্রাক্তন বিধায়ক ৰাণা গোস্বামী আৰু নাই৷ ক’ভিডোত্তৰ জটিলতাত কালি নিশা ১১ বজাত গুৱাহাটীৰ এপল’ হাস্পতালত গোস্বামীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷ উজান বজাৰৰ বাসিন্দা গোস্বামীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৭ বছৰ৷ অসমৰ খেল জগতৰ উত্তৰণৰ হকে অহোপুৰুষার্থ কৰা গোস্বামীৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে ক্রীড়া ক্ষেত্র৷ ২০০১ চনত ছয়গাঁও সমষ্টিৰ পৰা বিধানসভালৈ নির্বাচিত হোৱা গোস্বামী অসম ক্রিকেট সন্থা, গুৱাহাটী ক্রীড়া সন্থাকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠান–প্রতিষ্ঠানৰ্ সৈতে জড়িত আছিল৷ তেওঁ ১৯৮৬–৮৯ আৰু ১৯৮৯–১৯৯২ চনলৈ দুটাকৈ কার্যকালৰ বাবে অসম ক্রিকেট সন্থাৰ অবৈতনিক সম্পাদক আছিল৷

ইয়াৰ পিছত ১৯৯২–৯৫লৈ তেওঁ অসম ক্রিকেট সন্থাৰ উপ–সভাপতিৰ দায়িত্ব পালন কৰে৷ তাৰ পূর্বে গোস্বামীয়ে ১৯৬৯–৭৪ আৰু ১৯৭৪–৭৭ চনলৈ অসম ক্রিকেট সন্থাৰ সহকাৰী সম্পাদক আৰু ১৯৭৯–৮৬লৈ যুটীয়া সম্পাদক হিচাপে কার্যনির্বাহ কৰিছিল৷ ১৯৯৫–৯৭ চনলৈ গোস্বামী আছিল অসম ক্রিকেট সন্থাৰ গৱর্নিং ব’ডীৰ সদস্য৷ তেওঁ অসম ক্রিকেট সন্থাৰ অবৈতনিক সম্পাদক হৈ থকাৰ সময়তে নেহৰু ষ্টেডিয়ামত দুখনকৈ এদিনীয়া আন্তর্জাতিক খেল অনুষ্ঠিত হৈছিল৷ ১৯৮৭ চনৰ ১১ জানুৱাৰীত ভাৰত–শ্রীলংকাৰ মাজত প্রথমখন এদিনীয়া আন্তর্জাতিক খেল অনুষ্ঠিত হোৱাৰ বিপৰীতে একেটা বছৰৰে ২৩ ডিচেম্বৰত ভাৰত–ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হৈছিল দ্বিতীয়খন এদিনীয়া৷ গোস্বামীয়ে ১৯৬৯–৭৪ চনত গুৱাহাটী ক্রীড়া সন্থাৰ ক্রিকেট সম্পাদক আৰু ১৯৭৪–৮১ চনলৈ সহকাৰী সম্পাদক হিচাপে কার্যনির্বাহ কৰিছে৷

পৰৱর্তী সময়ত ১৯৮১–৯০ চনত তেওঁ গুৱাহাটী ক্রীড়া সন্থাৰ সাধাৰণ সম্পাদক ৰূপে নির্বাচিত হয়৷ তেওঁ দীর্ঘ সময় ধৰি গুৱাহাটী ক্রীড়া সন্থাৰ সভাপতি পদতো কার্যনির্বাহ কৰিছে৷ ১৯৯০–৯৪, ১৯৯৬–৯৮, ২০০৪–২০০৬ আৰু ২০১২–১৪ চনত চাৰিটা কার্যকালৰ বাবে তেওঁ গুৱাহাটী ক্রীড়া সন্থাৰ সভাপতি আছিল৷ বিশিষ্ট ক্রীড়া সংগঠক গোস্বামীয়ে ভাৰতীয় ক্রিকেট দলৰ মেনেজাৰৰ দায়িত্বও চম্ভালিছিল৷ ১৯৯৫ চনত শ্বাৰজাহ ভ্রমণ কালত তেওঁ এই দায়িত্ব পালন কৰে৷ সেই সময়ত ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক আছিল মহম্মদ আজহাৰউদ্দিন৷ অসমৰ ক্রীড়াক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ বাবে ভেটার্ন ক্রিকেট এছ’চিয়েচনে ২০১৮ চনত তেওঁক নুৰুল আমিন ক্রীড়া সংগঠক বঁটা প্রদান কৰিছিল৷ গোস্বামীৰ বিয়োগত অসম ক্রিকেট সন্থাৰ সভাপতি ৰমেন দত্ত আৰু সম্পাদক দেৱজিৎ শইকীয়াই গভীৰ শোক প্রকাশ কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে৷ গোস্বামীৰ প্রতি সন্মান জনাই এসপ্তাহলৈ অসম ক্রিকেট সন্থাৰ পতাকা অর্ধনমিত কৰি ৰখাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷

You might also like