নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ ৰাজ্যত ১৩খনকৈ যাত্রীবাহী ৰে’ল স্থায়ীভাৱে বাতিল কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে আজি ৰঙিয়া ৰে’লৱে মাণ্ডলিক প্রবন্ধকৰ কার্যালয়ৰ সন্মুখত ছাত্র সন্থাই বিক্ষোভ কৰে৷ প্রতিবাদকাৰীসকলে লগতে সকলো স্থানীয় ৰে’ল চলাচল কৰাৰ দাবী জনায়৷ উক্ত প্রতিবাদী কার্যসূচীত অসম ৰে’ল যাত্রী সন্থা, জ্যেষ্ঠ নাগৰিক সন্মিলন, ৰঙিয়া চেম্বার্ছ অফ কমার্চ, গৰিয়া–মৰিয়া দেশী জাতীয় পৰিষদ, ৰঙিয়া হকাৰ সন্থা আৰু ৰঙিয়া জিলা দাবী সমিতিৰ লগতে প্রাক্তন বিধায়ক অনন্ত ডেকা আৰু কটন কলেজিয়েটৰ প্রাক্তন অধ্যক্ষ ড০ দিবাকৰ শর্মাই অংশগ্রহণ কৰে৷ প্রতিবাদকাৰীসকলে ৰে’ল বিভাগ হায় হায়, স্থায়ী ৰে’ল বন্ধ কৰাৰ সিদ্ধান্ত বাতিল কৰা, অসমবিৰোধী চৰকাৰ হুঁচিয়াৰ, শীঘ্রে সকলো স্থানীয় যাত্রীবাহী ৰে’ল চলাচল কৰাৰ ব্যৱস্থা কৰক, এমএছটি টিকটৰ সুবিধা আৰম্ভ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ ছাত্র সন্থাৰ জিলা উপদেষ্টা হেমন্ত দাসে ক্ষোভ প্রকাশ কৰি কয় যে কেন্দ্রীয় চৰকাৰে ক’ভিড–১৯ৰ গইনা লৈ অসমত ১৩খনকৈ লোকেল ৰে’ল বন্ধ কৰাত যাত্রীসকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে৷ বিশেষকৈ ৰঙিয়াৰ পৰা গুৱাহাটীলৈ স্থানীয় ৰে’লত মাহিলি ২৭০ টকাত অহা–যোৱা কৰিব পাৰি৷ কিন্তু স্থানীয় ৰে’ল বন্ধ থকা বাবে বাছত দৈনিক প্রায় ২০০ টকাকৈ মাহিলি ৫–৬ হাজাৰ টকা ভাৰাৰ নামত ভৰিব লগা হয়৷ যাৰ বাবে গুৱাহাটীলৈ দৈনিক অহা–যোৱা কৰা ছাত্র–ছাত্রীৰ লগতে ব্যক্তিগত খণ্ডত কর্মৰত লোকসকলে যাতায়াতৰ নামত অত্যধিক খৰচ কৰিব লগা হৈ আছে৷
প্রাক্তন বিধায়ক অনন্ত ডেকাই কয় যে শেহতীয়াভাৱে আছু আৰু অসম ৰে’ল যাত্রী সন্থাৰ লগতে নাগৰিক সমাজৰ আন্দোলন–প্রতিবাদৰ ফলত সীমিতসংখ্যক যাত্রীৰে বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ যোৱা মানস ৰাইন’ যাত্রীবাহী ৰে’ল চলাচল কৰাৰ সিদ্ধান্ত লৈছে৷ কিন্তু বাকী লোকেল ড্রেইনবোৰ চলাচল কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই৷ যাৰ বাবে নামনি অসমৰ লগতে উজনি অসমৰ যাত্রীসকলে জটিল সমস্যাৰ সন্মুখীন হৈছে৷ ৰঙিয়া জিলা দাবী সমিতিৰ কার্যকৰী সভাপতি জয়ন্ত কলিতাই কয় যে ৰে’ল বিভাগে সদায় অসমক মাহী আইৰ দৃষ্টিৰে চাই আহিছে৷ অন্য ৰাজ্যৰ তুলনাত অসমৰ জনসাধাৰণে ৰে’ল যাতায়াতৰ উপযুক্ত সুবিধা লাভ কৰা নাই৷ কলকতা, মুম্বাই আদিত ৰেহাই হাৰত ৰে’লযাত্রীসকলে ভ্রমণৰ সুযোগ লাভ কৰিলে যদিও অসমৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে স্থানীয় ৰে’ল চলোৱাৰ বিষয়টো সমূলি অৱজ্ঞা কৰি আহিছে৷ এইক্ষেত্রত ৰাজ্য চৰকাৰৰ নীৰৱ ভূমিকাক কলিতাই কঠোৰ সমালোচনা কৰে৷ এই কার্যসূচীত ছাত্র সন্থাৰ জিলা সাংস্কৃতিক সম্পাদক তৌফিকুৰ ৰহমান, জিতু ডেকা, ৰঙিয়া আঞ্চলিক সমিতিৰ সভাপতি জয়ন্ত শর্মা, সম্পাদক মৃণ্ময় ডেকা, মহকুমা সমিতিৰ ভাৰপ্রাপ্ত সভাপতি দিগন্ত ডেকা, উপ–সভাপতি নিউটন কলিতা, সহকাৰী সম্পাদক বুবুল আহমেদ, ৰঙিয়া চেম্বার্ছ অফ কমার্চৰ সম্পাদক মজিবুদ্দিন আহমেদ, গৰিয়া মৰিয়াৰ চামচুল হক, ৰে’লযাত্রী সন্থাৰ দেৱাশিস ঘোষ, জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নৰেন্দ্র শর্মা, হকাৰ সন্থাৰ টুটুল কলিতা আদি উপস্থিত থাকে৷ এই কার্যসূচীৰ পিছতে ডিআৰএমৰ আমন্ত্রণমর্মে প্রতিবাদকাৰীসকলৰ্ এটি সঁজাতী দলে সাক্ষাৎ কৰি শীঘ্রে স্থানীয় ৰে’ল চলোৱাৰ দাবী জনোৱাৰ লগতে বন্ধ কৰিবলৈ ওলোৱা ১৩খনকৈ ৰে’ল পুনৰ আৰম্ভ কৰাৰ দাবী জনাই এখন স্মাৰক–পত্র প্রদান কৰে৷