নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া সমষ্টিত গ্ৰন্থ বিলালে নিৰ্বাচনৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী ৰঞ্জিত বৰুৱাই

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ সমাগত বিধানসভা নিৰ্বাচন। নিৰ্বাচনী গৰম বতাহৰ মাজতেই ভোটাৰক আকৰ্ষিত কৰাৰ বিভিন্ন পন্থা অৱলম্বন কৰিছে ৰাজনৈতিক দলসমূহে। কিন্তু এইবাৰ ভোটাৰৰ মন জিনিবলৈ জনপ্ৰিয় সাহিত্যিকৰ গ্ৰন্থ বিলোৱাত ব্যস্ত হোৱা দেখা গৈছে বিজেপিৰ এগৰাকী প্ৰাৰ্থিত্বপ্ৰত্যাশীক।

বৌদ্ধিক পৰিৱেশৰ সূচনাৰ এই পন্থা গ্ৰহণ কৰিছে ১২০নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ এগৰাকী অন্যতম প্ৰাৰ্থিত্বপ্ৰত্যাশী ৰঞ্জিত বৰুৱাই । অৱশ্যে ৰাজ্যত নিৰ্বাচনৰ দিন বা প্ৰাৰ্থীতালিকা প্ৰকাশ নহ’লেও নিৰ্বাচনী কুচকাৱাজত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে সকলো প্ৰাৰ্থিত্বৰ দাবীদাৰক।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতি ঘনিষ্ঠ হিচাপে খ্যাত বিজেপিৰ অন্যতম প্ৰাৰ্থিত্বৰ দাবীদাৰ ৰঞ্জিত বৰুৱাই এতিয়া নাহৰকটীয়া সমষ্টিৰ বহুকেইটা অঞ্চলৰ ভোটাৰ ৰাইজৰ লগতে নৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিশিষ্ট সাহিত্যিকসকলৰ গ্ৰন্থ হাতে হাতে বিতৰণ কৰি ফুৰিছে।

যি সময়ত ৰাজ্যৰ ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলে ভোটৰ নামত সূতা, কম্বল কিম্বা সুৰাৰ সস্তীয়া ৰাজনীতি কৰি আহিছে, সেই সময়তে নাহৰকটীয়া সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী ৰঞ্জিত বৰুৱাই ভোটাৰৰ মাজত গ্ৰন্থ বিতৰণ কৰি কিতাপ পঢ়াৰ এক পৰিৱেশ দিয়াৰ যি ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া পৰোক্ষ ৰাজনীতি হ’লেও গ্ৰন্থপ্ৰেমীৰ দৃষ্টিত এক মহৎ প্ৰয়াস ৰূপে চৰ্চিত হৈছে ।

You might also like