বজালী উন্নয়ন খণ্ডত একেদিনাই ৪০ টা কামৰ শুভাৰম্ভ মন্ত্ৰী ৰণজিৎ দাসৰ
দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব
নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ “ৰাজ্যৰ পঞ্চায়তেই হওঁক নাইবা আন বিভাগতেই হওঁক যিকোনো বিষয়া কৰ্মচাৰীয়ে দুৰ্নীতিৰ লিপ্ত হলে তাক কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰিবলৈ আমাৰ চৰকাৰ বদ্ধ পৰিকৰ৷” এই মন্তব্য জেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ৷ আজি বজালীৰ পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত বজালী উন্নয়ন খণ্ডত অনুস্থিত এখন সভাত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ পঞ্চায়ত গ্রামোন্নয়ন বিভাগ, আইন আৰু যোগান বিভাগৰ মন্ত্ৰীগৰাকীয়ে কয় যে যি সকল বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ তথ্য প্ৰমান দাখিল হব তেওঁলোকৰ বিৰুদ্ধ লগে লগে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হব৷ এই ক্ষেত্ৰত সকলো ৰাইজক বিভাগ সমূহৰ কাম কাজক লৈ সজাগ হৈ থাকিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷ কাৰোবাৰ বিৰুদ্ধে দুৰ্নীতিৰ প্ৰমান পালে আৰক্ষীৰ কাষ চাপি এজেহাৰ দাখিল কৰিবলৈও ৰাইজক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে৷ আজি বজালী উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদত বৰপেটা জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ ছিকাৰিয়াৰ সভাপতিত্বত অনুস্থিত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আচঁনি আৰু পঞ্চদশ বিত্তীয় আয়োগৰ দ্বাৰা অনুমোদিত একেলগে মুঠ ৪০ টা গ্ৰাম্য পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি কেবিনেট মন্ত্ৰীগৰাকীয়ে কয় যে পাটাছাকুছি সমষ্টিত এই আচনিৰ দ্বাৰ ১১ কিলোমিটাৰ পথ পকীকৰণৰ কৰা হব৷ ইয়াৰ ভিতৰত, পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ৩৮.০৫৯৪৯ লাখ টকা ব্যয় সাপেক্ষে সৰ্বমুঠ ৭৬১.১৯ মিটাৰ দৈৰ্ঘৰ ১০ টা পথ আৰু মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন (MGNREGA)ৰ অধীনত ৪২৪.৯ লাখ টকা ব্যয় সাপেক্ষে ৯৯১৭ মিটাৰ দৈৰ্ঘৰ ৩০ টা পথ সামৰণি লোৱা হৈছে বুলি ভাষণত মন্ত্ৰী দাসে প্ৰকাশ কৰে ৷ বজালী উন্নয়ন খণ্ডৰ কৰ্মচাৰী মৃনাল দত্তই উদ্দেশ্য বাখ্য কৰা এই ৪০ টা কামৰ শুভাৰম্ভ অনুস্থানত বজালীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি কাবেৰী বি শৰ্মা, বজালী জিলা বিজেপিৰ সভাপতি নগেন চৌধুৰী, অগপৰ পাটাছাকুছি সমষ্টি সমিটিৰ সভাপতি জিণ্টু চৌধুৰী, বজালী জিলা পৰিষদৰ অধ্যক্ষ ৰঞ্জিত শালৈ, বিশিষ্ট ব্যক্তি মনোজ ডেকা, বজালীৰ প্ৰশাসনিক বিষয়া গনেশ কুটুম, বজালী উন্নয়ন খণ্ডৰ বিষয়া, বজালী উন্নয়ন খণ্ডৰ অন্তর্গত সকলো গ্রাম পঞ্চায়ত, বজালী আঞ্চলিক সঞ্চায়ত আৰু বজালী জিলা পৰিষদৰ নিৰ্বাচিত জনপ্রতিনিধিকে ধৰি শতাধিক লোক উপস্থিত থাকে ৷
প্ৰেৰকঃ কল্যাণ কলিতা