নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ ৰাজ্যিক সভাপতিৰ মুখত নতুন গান– বিজেপি মানে প্রগতি–প্রগতি মানে বিজেপি

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ বিটিচিৰ দুটাকৈ পৰিষদীয় সমষ্টিক সামৰি  ওদালগুৰিত এক বিশাল নির্বাচনী প্রচাৰ সভাত অংশ লৈ নাম উল্লেখ নকৰাকৈ বিপিএফক সমালোচনা কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ আজি বাক্সাৰ মথনগুৰিত এক নির্বাচনী প্রচাৰ সভাত অংশগ্রহণৰ পিছত হেলিকপ্ঢাৰযোগে ওদালগুৰিৰ মনপুৰত উপস্থিত হোৱা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয়– বিটিচিৰ চাৰিখন জিলা কৃষিৰ লগতে অন্যান্য বিভিন্ন ক্ষেত্রতো প্রচুৰ সম্ভাৱনা থকা জিলা যদিও ইয়াৰ শাসনত থকা লোকসকলে জনকল্যাণৰ কাম কৰাৰ সলনি অপশাসন চলোৱাৰ বাবে যথোপযুক্ত উন্নয়ন সম্ভৱ নহ’ল৷ সেই কাৰণেই বিজেপিয়ে বিটিচিত শক্তিশালীভাৱে নির্বাচনত অৱতীর্ণ হৈছে আৰু দীর্ঘদিনে শোষিত–বঞ্চিত ৰাইজৰ বিপুল সঁহাৰিয়ে এয়া প্রতিপন্ন কৰিছে যে এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত৷ যি চৰকাৰে ক্ষমতাৰ লালসাত ভাতৃঘাতী সংঘর্ষও কৰিব পাৰে তেনে চৰকাৰে কেতিয়াও সমন্বয় স্থাপন কৰিব নোৱাৰে বুলিও নাম নোলোৱাকৈ মিত্রদল বিপিএফক সমালোচনা কৰে৷

ওদালগুৰি জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজয় হাজৰিকাই আঁত ধৰা সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ভাষণ প্রদান কৰি দিছপুৰত পাঁচ বছৰে মিত্রদল হিচাপে থকা বিপিএফে বিটিচিত বিজেপিক প্রতাৰণা কৰিছিল বুলি উল্লেখ কৰে৷ ২০১৫ চনৰ বিটিচি নির্বাচনত বিজয়ী হোৱা একমাত্র বিজেপি প্রার্থীক কার্যবাহী সদস্য পদ দিব লাগে বুলি বিজেপিৰ এক সঁজাতী দলে বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীক সাক্ষাৎ কৰাত তেওঁ দিছপুৰতহে আমাৰ মিত্রতা আছে বিটিচিত নাই বুলি আমাক অপমানিত কৰিছিল৷ সেই অপমান কৰা দিনৰে পৰা বিজেপিয়ে বিটিচিত অকলে প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল বুলি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে৷

তেওঁ ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি গীতটিৰ পেৰডী কৰি বিজেপি মানে প্রগতি, প্রগতি মানে বিজেপি গীত গাই আৰু চাপৰি বজাই বিজেপিৰ পক্ষে ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায়৷ সভাত বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা ৮নং মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ লগতে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাসে ভাষণ প্রদান কৰি বিপিএফকক ক্ষুৰধাৰ সমালোচনা কৰে৷

You might also like