মুছলমান শিল্পীৰ বৰগীত, জাতি-জনগোষ্ঠীৰ শিল্পীৰ অভিনয়েৰে মুখৰ হ’ব উত্তৰ চাৰিআলি
বিশ্বনাথত ৰাসোৎসৱক লৈ উলাহ
নিয়মীয়া বাৰ্তা ১৬ নৱেম্বৰ : সমাগত শৰতৰ পূৰ্ণিমাক লৈ উছাহৰ ধল বৈছে বিশ্বনাথত। বিশ্বনাথৰ চৌদিশে এতিয়া কেৱল কৃষ্ণভক্তিৰ উৎসাহ। গকুলৰ বৃন্দাবনৰ পৰিৱেশেৰে একাংশ গাঁৱত চলিছে শ্রীকৃষ্ণ- ৰাধাৰ লগতে ব্ৰজবধুসকলৰ কেলি। যমুনাৰ তীৰৰ এই অনিন্দ্য সুন্দৰ নৃত্যকলাৰ লগতে শ্ৰুতিমধুৰ সংগীতেৰে ব্ৰজধামত পৰিণত বিশ্বনাথ জিলাৰ বিভিন্ন প্রান্ত। জাতি জনজাতি, বর্ণহীন সমাজ আৰু সবাতোকৈ সাম্প্রদায়িক সম্প্ৰীতিৰে এইবাৰ উজলি উঠিব বিশ্বনাথৰ আঢ্যৱস্তু সংস্কৃতি প্ৰকাশৰ অন্যতম উত্তৰ চাৰিআলি ৰাস মহোৎসৱ। ক’ভিডৰ দুৰ্যোগৰ মাজতে ৰাজ্যৰ আন ৰাসোৎসৱতকৈ কিছু পৃথক এই ৰাস মহোৎসৱৰো মুখ্য মহিলা কণ্ঠশিল্পী হ’ব হামিদা খাতুন নামৰ শিল্পীগৰাকী।
ইছলামধর্মী এই শিল্পীগৰাকীয়ে প্ৰায় কুৰি বছৰ ধৰি শংকৰী সংগীতৰ চৰ্চা কৰি আহিছে। হামিদাৰ সংগীতত মুগ্ধ শ্ৰোতাৰ লগতে শিশু কৃষ্ণ অথবা গুৰু বন্দনা, আশোৱাৰী ৰাগৰ গীত-মাত আদিয়ে অভিনয় শিল্পীসকলকো উৎসাহ যোগাই আহিছে। সাম্প্রদায়িক অসূয়া, পৰস্পৰৰ প্রতি বিদ্বেষ জন্মিব পৰা পৰিৱেশৰ অন্ত পেলাই যেন সাম্প্রদায়িক সংহতি, সুস্থ পরিবেশ বচনা কৰিব পাৰি, সেই আশাবেই এনে ব্যতিক্রমী প্রয়াস কৰা বুলিও উত্তৰ চাৰিআলি ৰাসোৎসৱৰ সভাপতি নিৰঞ্জন হাজৰিকাই জানিবলৈ দিছে। তাৎপর্যপূর্ণ যে এই ৰাসৰ নন্দোৎসব নামৰ নাটিকাত অৱতীর্ণ হ’ব জোনমণি বেগম নামৰ অভিনেত্ৰীগৰাকী। একেদৰে মাণিক গোৱালা, প্রণব দে’ আদি বিভিন্ন জনগোষ্ঠীৰ অভিনেতাই অংশ লোৱা এই ৰাসোৎসৱৰ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত’কেলিগোপাল নাটৰ গীত পৰিবেশন কৰিব উদীয়মান শিল্পী ভাস্বতী কেওটে। তদুপৰি কণ্ঠশিল্পী মনজিৎ বৰঠাকুৰ, পৰেশ বৰুৱা, অঞ্জলি হাজৰিকা, লতা ওজা আদিৰ কণ্ঠৰ যাদুৰে সাংগীতিক পৰিৱেশ ৰচনা হ’ব বুলি আশাবাদী বাসোৎসৱৰ অন্যতম সম্পাদক মলয় বৰা, গৌতম দাধৰা, ধত্তি দত্ত, বুল ভূঞা, ঈশ্বৰ শইকীয়া আদি।
বিপিন তালুকদাৰ, ভবেন বৰা, ৰণজিৎ দাস, জোনটি দাধৰাৰ পৰিচালনাৰে আৰু কামেশ্বৰ দাস, দেৱেশ্বৰ বৰা, ৰাজীৱ ভূঞা, লিখেন্দ্র শর্মা আদিব সংগীত ব্যৱস্থাপনাৰে ৰে’লগেটৰ সমন্বয়থলীত বিশ্বনাথৰ অনুপম সংস্কৃতিয়ে দর্শকক মোহাচ্ছন্ন কৰিব বুলি আশা প্রকাশ কৰিছে। ১৮ আৰু ১৯ নৱেম্বৰত অনুষ্ঠিতব্য এই ৰাস মহোৎসৱত বিশেষ চৰিত্ৰত অভিনয় কৰিব ‘বেহাৰবাৰী আউটপোষ্ট’ শীর্ষক ধাৰাবাহিকৰ জনপ্রিয় অভিনেতা কে কে ওৰফে সিদ্ধার্থ শৰ্মা আৰু অভিনেত্ৰী মুনমী ফুকনে। বিশিষ্ট বাঁহীবাদক প্রশান্ত বৰা আৰু তাবলিচ ৰাজীৱ ভূঞাৰ যুগলবন্দী এই ৰাস মহোৎসৱৰ অন্যতম আকর্ষণ। সুদৃশ্য দৃশ্যসজ্জা, বিশাল আলোকসজ্জাৰ লগতে প্রায় ৫ হাজাৰ বন্তিৰে আধ্যাত্মিক পৰিৱেশৰ মাজতে অনুষ্ঠিত হ’ব লগা এই মহোৎসৱ ক’ভিড বিধি অনুসৰণ কৰি উপভোগৰৰ বাবে আয়োজক সমিতিয়ে আহ্বান জনাইছে।
ইফালে, বিশ্বনাথৰ শতবৰ্ষ গৰকা গড়েহাগি সার্বজনীন ৰাসক লৈও ব্যাপক উছাহ পৰিলক্ষিত হৈছে। । গীত-মাত আৰু আখৰাৰে মুখৰ হৈ পৰা গাঁওখনত এতিয়া অভিনয়কেন্দ্রিক ব্যস্ততা বিৰাজ কৰিছে। আনহাতে, কমলাকান্ত ক্ষেত্ৰতো ৰাসোৎসৱৰ ব্যাপক আয়োজন চলিছে। তদুপৰি বিশ্বনাথৰ লেহুগাঁৱতো ৰাস মহোৎসৱক লৈও বিশাল আয়োজন আৰম্ভ হৈছে। ৰাস পূর্ণিমাতেই অনুষ্ঠিত হ’ব লগা এই মহোৎসৱত আখৰা আৰু দৃশ্যসজ্জাৰ কামত শিল্পীসকল ব্যস্ত হৈ পৰিছে। ব্যয়বহুল ব্যৱস্থাপনাৰে আয়োজিত লেহুগাঁৱৰ দৰেই বিশ্বনাথঘাট, বামগাঁও আদিতো ৰাসৰ পূর্ণ প্রস্তুতি অব্যাহত আছে।