নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলত সুধাকণ্ঠৰ প্রতিচ্ছবি অংকন কৰা যুৱকলৈ অসম বুক অৱ ৰেকর্ডছৰ স্বীকৃতি

নিয়মীয়া বাৰ্তা, ১ জুনঃ   ড০ ভূপেন হাজৰিকাৰ প্রতিচ্ছবি এটা ক্ষুদ্র শিলত অংকন কৰি অসম বুক অৱ ৰেকর্ডছৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও জিলাৰ হাটবৰৰ এজন যুৱকে৷ নগাঁও জিলাৰ কলিয়াবৰৰ হাটবৰ নিৱাসী দেৱেন বৰকটকী আৰু জ্যোতি বৰকটকীৰ পুত্র সূৰুয বৰকটকীয়ে সৰুৰ পৰাই চিত্রশিল্পৰ প্রতি আকর্ষিত হয়৷

সূৰুয বৰকটকীয়ে সৰুৰে পৰাই বিভিন্ন ছবি অংকন কৰাৰ লগতে মাটিৰে বহু মূর্তি সাজিছে৷ সূৰুয বৰকটকীয়ে ৩.৫৭ চেণ্টিমিটাৰৰ এটা শিল পথৰ কাষৰ পৰা বুটলি আনি মাত্র ৫৭ মিনিটৰ ভিতৰতে ড০ ভূপেন হাজৰিকাৰ প্রতিচ্ছবি অংকন কৰিছিল৷ সৰু শিলটোত ড০ ভূপেন হাজৰিকাৰ প্রতিচ্ছবি অংকন কৰাৰ পাছত যোৱা ১০ এপ্রিলত সূৰুয বৰকটকীয়ে অসম বুক অৱ ৰেকর্ডছৰ বিবেচনাৰ বাবে প্রেৰণ কৰিছিল৷ এটি সৰু শিলত ড০ ভূপেন হাজৰিকাৰ প্রতিচ্ছবি অংকন কৰা সূৰুয বৰকটকীয়ে অসম বুক অৱ ৰেকর্ডছৰ তৰফৰ পৰা মে’ মাহৰ দ্বিতীয় সপ্তাহত স্বীকৃতি লাভ কৰিবলৈ সমক্ষ হয়৷

সূৰুয বৰকটকীয়ে অসম বুক অৱ ৰেকর্ডছত নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হোৱাত তেওঁৰ পৰিয়ালৰ লগতে অঞ্চলৰ শুভাকাংক্ষী লোকসকলে আনন্দ প্রকাশ কৰিছে৷ অসম বুক অৱ ৰেকর্ডছৰ তৰফৰ পৰা সূৰুয বৰকটকীক এখন স্বীকৃতি পত্র, গামোচা, জাপি আৰু এটা বঁটা প্রদান কৰিছে৷ অসম বুক অৱ ৰেকর্ডছত নিজৰ নাম অন্তর্ভুক্ত কৰি কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা সূৰুয এখন আর্ট স্কুলত কর্মৰত হৈ আছে৷ ছবিঘৰ আর্ট একাডেমীত প্রশিক্ষক হিচাপে কর্মৰত সূৰুয বৰকটকীয়ে কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ বহু ছাত্র–ছাত্রীক ছবি অংকনত প্রশিক্ষণ দিয়াৰ লগতে বহু লোকৰ প্রতিচ্ছবি আৰু ৱাল পেইণ্টিং আদিকে ধৰি বিভিন্ন শিল্পকলাৰ লগত জডিত৷

You might also like