ছয়গাঁৱৰ বিশিষ্ট ব্যক্তি তথা বিশিষ্ট পৰিচালিকা ৰীমা দাসৰ পিতৃ ভাৰত দাসৰ পৰলোকপ্ৰাপ্তি
নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰ: কামৰূপ জিলাৰ ছয়গাঁৱৰ চৌধুৰী পাৰা নিবাসী, ছয়গাঁও চম্পক নগৰ ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, ক্ৰীড়া সংগঠক, বিশিষ্ট ব্যক্তি তথা স্বৰ্ণকমল বটা বিজয়ী, ভিলেজ ৰকষ্টাৰ্ছৰ নিৰ্মাতা ৰীমা দাসৰ পিতৃ ভাৰত দাসৰ যোৱা নিশা নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে । বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় বিশিষ্ট ব্যক্তি গৰাকীৰ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ ৷
উল্লেখ্য যে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ এসময়ৰ নামজ্বলা বেউলা পুস্তক মন্দিৰৰ স্বত্বাধিকাৰী তথা বাতৰি কাকতৰ বিতৰক তথা ছয়গাঁও চম্পকনগৰ ছোৱালী হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক তথা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা ভাৰত দাস এগৰাকী ক্ৰীড়া সংগঠকৰ লগতে সুদক্ষ ভলীবল খেলুৱৈৰ লগতে ফুটবল খেলুৱৈ তথা এথলেটিক খেলুৱৈ আছিল ৷ ছয়গাঁও ক্ৰীড়া সন্থাৰো সম্পাদক আৰু সভাপতিৰ দায়িত্বত থকাৰ লগতে ছয়গাঁও সাহিত্য সভাৰো তেওঁ বহুবছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ ছয়গাঁৱৰ বিভিন্ন সামাজিক কামতো জড়িত থকা ভাৰত দাসৰ মৃত্যুত আজি বিশাল মটৰ চাইকেলেৰে ৰেলী কৰি আনি প্ৰথম কৰ্মস্থলী ছয়গাঁও চম্পক নগৰ ছোৱালী হাইস্কুল, ছয়গাঁও ক্ৰীড়া সন্থা, ছয়গাঁও চম্পক নগৰ সাৰ্বজনীন ৰাস মহোৎসৱ, ছয়গাঁও সাহিত্য সভা,ছয়গাঁও প্ৰেছ ক্লাৱ, ছয়গাঁও জংগম গোষ্ঠী, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থা, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থা, ছয়গাঁও অগপৰ লগতে লগতে বিভিন্ন দল সংগঠনে বিশিষ্ট ব্যক্তি গৰাকীক শ্ৰদ্ধাঞ্জলী অৰ্পন কৰে ৷
আনহাতে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে বিশিষ্ট ব্যক্তি গৰাকীৰ মৃত্যৰ খবৰ পাই পুৱাই মৃতকৰ ঘৰত উপস্থিত হৈ মৃতকলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ পিচতেই তেওঁৰ বাসগৃহত শ শ গুনমুগ্ধই ভিৰ কৰে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, একমাত্ৰ জীয়ৰী বিশিষ্টা পৰিচালিকা ৰীমা দাসৰ লগতে দুই পুত্ৰ, বোৱাৰী,নাতি, নাতিনীৰ লগতে অজস্ৰ আত্মীয় স্ৰজনক ইহ সংশাৰত এৰি থৈ যায় ৷ উল্লেখ্য যে বিশিষ্ট ব্যক্তি গৰাকীৰ মৃত্যুত ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বর্গলৈ সমবেদনা জ্ঞাপন কৰে ।