নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঞ্চলিকতাবাদক বিশ্বাসঘাতকতা কৰিছে অগপই

ৰঙিয়াত ৰাইজৰ দলৰ সভাত আহ্বায়ক অৰূপ বৰবৰা

নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ ৰঙিয়াৰ হৰদত্ত–বীৰদত্ত ভৱনত আজি ৰাইজৰ দলৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ ৰাইজৰ দলৰ ৰঙিয়া বিধানসভা সমষ্টিৰ আহ্বায়ক সমিতি গঠনৰ উদ্দেশ্যে হৰেশ্বৰ বর্মনৰ সভাপতিত্বত এই সভাখন অনুষ্ঠিত হয়৷ এই সভাত ৰাইজৰ দলৰ আহ্বায়ক তথা জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই ভাষণত কয় যে যোৱা বছৰ সংসদত অগপৰ সাংসদ বীৰেন্দ্র প্রসাদ বৈশ্যই নাগৰিকত্ব সংশোধনী বিধেয়কত সমর্থন দিয়াৰ পিছত অগপই আঞ্চলিকতাবাদী আদর্শ হেৰুৱাইছে৷ জাতীয়তাবাদী চৰিত্রক জলাঞ্জলি দি অগপই বিজেপিৰ দৰে সাম্প্রদায়িক দলৰ লগত মিতিৰালি কৰি খিলঞ্জীয়া জনতাক প্রতাৰণা কৰা বুলি বৰবৰাই মন্তব্য কৰে৷ অসমৰ খিলঞ্জীয়া ৰাইজৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বার্থত সমভাবসম্পন্ন দলৰ সৈতে মিত্রতা কৰি আগন্তুক বিধানসভা নির্বাচন প্রতিদ্বন্দ্বিতা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷ প্রাঞ্জল কলিতাই আঁত ধৰা সভাখনত ৰঙিয়াত ৰাইজৰ দলৰ গঠন সন্দর্ভত বহুকেইগৰাকী বক্তাই বিভিন্ন পৰামর্শ আগবঢ়ায়৷ সভাত সর্বসন্মত সিদ্ধান্তমর্মে হৰেশ্বৰ বর্মন, নিপন শর্মা, সীমান্ত শর্মা, জিয়াউল হুছেইন, অপূর্ব তালুকদাৰ, কৰুণা বণিয়া, হীৰামণি ডেকা, আজমিৰা বেগম, বাহাৰুল ইছলামক মুখ্য আহ্বায়ক হিচাপে লৈ ৰঙিয়া বিধানসভা সমষ্টিৰ এখন ৩৪জনীয়া আহ্বায়ক সমিতি গঠন কৰে৷

You might also like