নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৱাৰেণ্টাইন কেন্দ্রত আৱাসীৰ উদ্ভণ্ডালি; প্রশাসনে যোগান ধৰা খাদ্য দলিয়াই দিলে ৰাজপথলৈ

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ বিলাসীপাৰাৰ গোৱর্ধনপাৰা এম ভি বিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্রত বুধবাৰে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে আৱাসীসকলে৷ কেন্দ্রটোত নিম্নমানৰ লগতে অতি সামান্য পৰিমাণৰ খাদ্য যোগান ধৰাক কেন্দ্র কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ৷

কেন্দ্রটোত থকা আৱাসী একাংশই যোগান ধৰা খাদ্য দলিয়াই দিলে পথৰ ওপৰত৷ পথৰ ওপৰত দলিয়াই দিয়া খাদ্যসামগ্রীসমূহ গৰু–ছাগলীয়ে ভক্ষণ কৰে৷ নিম্নমানৰ খাদ্যৰ লগতে সামান্য পৰিমাণৰ খাদ্য যোগান ধৰাৰ অভিযোগ তুলি কোৱাৰেণ্টাইন কেন্দ্রটোত থকা আৱাসীসকলে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ৷ ২০ জুনৰ পৰা কোৱাৰেণ্টাইন কেন্দ্রটোত আছে বহিঃৰাজ্যৰ পৰা অহা ৬৪জন লোক৷

কেৰালাৰ পৰা অহা লোকসকলক প্রশাসনে বিদ্যালয়খনত কোৱাৰেণ্টাইন কৰি ৰাখিছে৷ ঘটনাস্থলীত যোগান বিভাগৰ পৰিদর্শক নিত্য গোপাল সাহা উপস্থিত হৈ পর্যাপ্ত খাদ্য যোগান ধৰাৰ আশ্বাস দিয়াত পৰিস্থিতি নিয়ন্ত্রণ হয়৷

You might also like