নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী ৰিতেন পেগুৰ অকাল বিয়োগ, চমকঙত শোঁকৰ ছা

নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী তথা চমকঙ পাগৰ’ গাঁৱৰ নিবাসী ৰিতেন পেগু(৫৪) ৰ আজি পুৱতিনিশা ২.২০ বজাত যকৃত ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত পৰলোকগামী হয়।দীৰ্ঘ দিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ থকা ৰিতেন পেগুয়ে আগতেও বহুবাৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰোৱা হৈছিল যদিও কালি স্বাস্থ্য অধিক অৱনতি হ’বলৈ ধৰাৰ লগে লগে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত সন্ধিয়া ভৰ্তি কৰোৱা হৈছিল। আজি পুৱা চিকিৎসাধীন অৱস্থাতে চৰকাৰী কৰ্মচাৰী গৰাকীয়ে মৃত্যুক সাবটি লয়। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুজন পুত্ৰ সন্তান, এজনী কন্যা সন্তানৰ লগতে কেবাগৰাকী ভাতৃ, ভগ্নীৰ লগতে আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ গৈছে। ৰিতেন পেগুৰ অকাল বিয়োগত পৰিয়ালৰ লগতে চমকঙ অঞ্চলত শোঁকৰ ছা পৰিছে ।

You might also like